অসম

assam

By

Published : Jun 10, 2020, 5:52 PM IST

ETV Bharat / state

শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী:গোচৰ ৰুজু

প্ৰায় 20 কোটিটকীয়া কেলেংকাৰীয়ে তোলপাৰ লগাইছে হাইলাকান্দি জিলা ৷ সংখ্যালঘু প্ৰি-মেট্ৰিক ছাত্ৰ বৃত্তি প্ৰদানৰ নামত জিলাখনত সংঘটিত হৈছে প্ৰায় ২০ কোটি টকাৰ অনিয়ম । বিষয় সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় থানাত ৰুজু কৰিছে এক গোচৰ ৷

Minority scholarship corruption hailakandi assam etv bharat news
শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী

হাইলাকান্দি,10 জুন: সংখ্যালঘু প্ৰি-মেট্ৰিক ছাত্ৰ বৃত্তি প্ৰদানৰ নামত হাইলাকান্দিত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ জিলাখনত এই আঁচনিৰ নামত প্ৰায় ২০ কোটি টকীয়া অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি বিষয় সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে সংগঠনটোৱে ৷

শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী

ঘটনাৰ বিৱৰণী অনুসৰি,হাইলাকান্দিত 2018-19 আৰু 2019-20 শিক্ষাবৰ্ষত সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানৰ নামত এই অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে ৷ জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত একাংশ ৰাষ্ট্ৰীয়কৃত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সহযোগত ৰাজেশ পালে ভুৱা তথ্য প্ৰদানেৰে সৰকাই নিয়ে ২০ কোটি টকা । জিলাখনত সংঘটিত এনে বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে প্ৰতিটো দল-সংগঠন । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰউদ্দিন লস্কৰে হাইলাকান্দি সদৰ থানাত বিষয় সন্দৰ্ভত 467/20 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 120, 409, 468, 470, 420 আৰু 471 ধাৰাত ৰুজু কৰে এক গোচৰ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিসহ বিধায়ক আনোৱাৰ হুছেইন লস্কৰেও ঘটনাৰ উচিত তদন্তৰে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ।

লগতে চাওকঃপালিত কুমাৰ বৰাক ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি

ABOUT THE AUTHOR

...view details