হাইলাকান্দি,17 জুন: হাইলাকান্দিত ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে বিশ কোটিটকীয়া কেলেংকাৰী । জিলাখনত সংখ্যালঘু প্ৰি-মেট্ৰিক ছাত্ৰ বৃত্তিৰ নামত আত্মসাৎ প্ৰায় 19 কোটি 78 লাখ টকা । এই অভিযোগ উত্থাপন কৰিছে জিলাখনৰ ভিন্ন দল-সংগঠনে ৷ এই কেলেংকাৰীত ইতিমধ্যে নাম সাঙোৰ খাইছে চৰকাৰী আমোলাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা-পালিনেতাৰ ।
ইতিমধ্যে এই বিষয়ত নাম সাঙোৰ খাইছে জিলা ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য হান্নান লস্কৰৰ । এগৰাকী বৃদ্ধাৰ নামত ছাত্ৰ বৃত্তিৰ প্ৰায় ১০,০০০ টকা মুকলি কৰাৰ পিছত ছাত্ৰনেতা গৰাকীয়ে নিজৰ অংশৰ ধন লবলৈ যাওঁতে এগৰাকী সচেতন যুৱকৰ প্ৰচেষ্টাত সকলো তথ্য পোহৰলৈ আহে ৷ তদুপৰি ভাইৰেল হোৱা এটা অডিঅ’ ৰেকৰ্ডিং কলত জিলাখনৰ দুগৰাকী কংগ্ৰেছ নেতা ক্ৰমে বাবু লস্কৰ আৰু জাহান আহমেদৰ নাম সাঙোৰ খাইছে । স্থানীয় বেংক কৰ্মচাৰী বাচিদ আহমেদ বৰভূঞাৰ সহযোগত নেতা দুজনে প্ৰায় এক কোটি ৬০ লাখ টকা আত্মসাৎ কৰা কথা প্ৰকাশ পাইছে উক্ত ফোন কলত । লগতে জিলাখনৰ অতিৰিক্ত আৰক্ষী প্ৰধানক চাৰি লাখ টকাৰ উপঢৌকন দিয়াৰ কথা ফোনত উল্লেখ কৰিছে নেতা দুজনে ৷