হাইলাকান্দিত পুনৰ কিশোৰীৰ ধৰ্ষণৰ ঘটনা - হাইলাকান্দি
এতিয়াও পলাতক অভিযুক্ত দিলোৱাৰ হুচেইন
হাইলাকান্দি,২৮ মাৰ্চঃ ৰাজ্যত পুনৰ নিৰ্যাতনৰ বলি এগৰাকী নাবালিকা । হাইলাকান্দি জিলাৰ অতি দুৰ্গম অঞ্চল ৰামনাথপুৰ নামৰ এখন গাঁৱত সংঘটিত হয় এই ধৰ্ষণকাণ্ড । উল্লেখ্য যে, বিগত ২০১৮ চনৰ ১৪ মাৰ্চত এই অঞ্চলতে দুৰ্বৃত্তইএগৰাকী কিশোৰীক হত্যা কৰি ধৰ্ষণ কৰিছিল। শেহতীয়াকৈ দেওবাৰে পুনৰ সেই একে অঞ্চলতে সংঘটিত হয় আন এক কিশোৰী ধৰ্ষণৰ ঘটনা । ঘটনাৰ পিছতেস্থানীয় ৰাইজে উদ্ধাৰ কৰি হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰাই নাবালিকা গৰাকীক। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে নাবালিকা গৰাকী।
ইফালে কিশোৰীগৰাকীয়ে দিয়া তথ্য মতে, স্থানীয় যুৱক দিলৱৰ হুচেইনে ধৰ্ষণ কৰি হাবিত পেলাই থৈ গৈছিল কিশোৰীগৰাকীক । ইতিমধ্যে, নাবালিকাৰ পৰিয়ালৰ ফালৰ পৰা ৰামনাথপুৰ থানাত এটাগোচৰ ৰুজু কৰা হৈছে । লগতে, অতি সোনকালে অভিযুক্ত দিলোৱাৰ হুচেইনক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে ।