অসম

assam

ETV Bharat / state

অসম মিজোৰামৰ সীমা বিবাদক লৈ সীমান্তৱৰ্তী লোকৰ বিশেষ সভা - অসম মিজোৰাম

অসম মিজোৰামৰ সীমান্তত অব্যাহত থকা সীমা বিবাদক লৈ আজি সীমান্তৰ গল্লাছড়া অঞ্চলত এক সভা অনুষ্ঠিত হয় ৷ সভাত শতাধিক স্থানীয় লোকৰ লগতে কেইবাজনো স্থানীয় পঞ্চায়তৰ সদস্য উপস্থিত থাকে ৷

meeting-assam-mizoram-border
অসম মিজোৰামৰ সীমা বিবাদক লৈ সীমান্তৱৰ্তী লোকৰ বিশেষ সভা

By

Published : Feb 13, 2021, 10:39 PM IST

Updated : Feb 13, 2021, 10:57 PM IST

হাইলাকান্দি, 13 ফেব্ৰুৱাৰী:অসম মিজোৰামৰ সীমান্তত অব্যাহত থকা সীমা বিবাদক লৈ আজি সীমান্তৰ গল্লাছড়া অঞ্চলত এক সভা অনুষ্ঠিত হয় ৷ সভাত শতাধিক স্থানীয় লোকৰ লগতে কেইবাজনো স্থানীয় পঞ্চায়তৰ সদস্য উপস্থিত থাকে ৷

অসম মিজোৰামৰ সীমা বিবাদক লৈ সীমান্তৱৰ্তী লোকৰ বিশেষ সভা

এই সভাৰ জৰিয়তে মিজো আগ্ৰাসনৰ বিৰুদ্ধে সীমান্তৰ ৰামনাথপুৰ ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থনৈতিক অৱৰোধৰে গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ লগতে সীমা বিবাদৰ বাবে আশ্ৰয় শিবিৰত থকা লোকসকলৰ খাদ্য সমগ্ৰী বিতৰণ কৰাৰো সিদ্ধান্ত লোৱা হয় ৷ ইতিমধ্যে এই সভাতে আশ্ৰয় শিবিৰত থকা লোকক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ বাবে ১০ হজাৰ টকা অনুদান সংগ্ৰহ কৰা হয় ৷

উল্লেখ্য যে, স্থানীয় সমাজ কৰ্মী ৰফিক উদ্দন লস্কৰে আশ্ৰয় শিবিৰত থকা লোকসকলক শনিবাৰে টিন আৰু খাদ্য সামগ্ৰী প্ৰদান কৰে ।

লগতে পঢ়ক: প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ

Last Updated : Feb 13, 2021, 10:57 PM IST

ABOUT THE AUTHOR

...view details