অসম

assam

ETV Bharat / state

Separate Barak demand: মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ- মৌলানা সৰিমুল হক লস্কৰ - মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ

"কোনো কোনোৱে দাবী কৰিছে যে বৰাকক পৃথক কৰাৰ বাবে দাবী উত্থাপন কৰিছিল আনহাতে কিছু কিছুৱে বৰাকক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবলৈ ৷ মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ কাৰণ অসমৰ সমতুল্য আৰু একো নাই ৷ মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ ৷"- বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা সৰিমুল হক লস্কৰ

.MAULANA SARIMUL HAQUE LASHKAR STRONGLY OPPOSED SEPARATE BARAK
মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ- মৌলানা সৰিমুল হক লস্কৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:50 PM IST

মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ- মৌলানা সৰিমুল হক লস্কৰ

কৰিমগঞ্জ, 13 ছেপ্টেম্বৰ :"কোনো কোনোৱে দাবী কৰিছে যে বৰাকক পৃথক কৰাৰ বাবে দাবী উত্থাপন কৰিছিল আনহাতে কিছু কিছুৱে বৰাকক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবলৈ ৷ মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ কাৰণ অসমৰ সমতুল্য আৰু একো নাই ৷ মই বৰাকক কোনোপধ্যেই পৃথক হ’বলৈ নিদিওঁ ৷ তাৰ বাবে যদি প্ৰয়োজন হয় আমি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হম ৷ অসমখনক আৰু ক্ষুদ্ৰ কৰিব নোৱাৰি ৷ অসমক খণ্ড খণ্ড কৰিলে অসমৰ সৰ্বনাশ হৈ যাব ৷ অসম খনিজ পদাৰ্থত চহকী ৷" বুধবাৰে হাইলাকান্দিত এখন সংবাদমেলত আহলে চুন্নত ৱাল জামাতৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা সৰিমুল হক লস্কৰে পৃথক বৰাকৰ দাবীৰ বিৰুদ্ধে সকীয়াই দিয়ে।

বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা সৰিমুলে সকীয়াই দিছে যে যদি কোনোবাই অতিমাত্ৰা কৰে তেন্তে বৰাকৰ ৰাইজৰ বৃহত্তৰ মংগলৰ বাবে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব। বৰাকে কোনো কাৰণতে বিচ্ছেদ গ্ৰহণ নকৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপেও গ্ৰহণ নকৰে। এই পথত কোনেও ভৰি নিদিব বুলি তেওঁ পূৰ্বেও সকীয়াই দিছিল।

বঙালীৰ এই কঠিন সময়ত জাতিটোক বিপথে পৰিচালিত নহ’বলৈ আহ্বান জনায় সৰিমুল হক লস্কৰে। তদুপৰি ২০ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে প্ৰতিষ্ঠা বৰ্ষৰ ওপৰত শুনানি গ্ৰহণ কৰিব। সেইবাবেই মৌলানাগৰাকীয়ে হিন্দু লোকসকলক তেওঁলোকৰ নিজ নিজ উপাসনাস্থলীৰ লগতে মুছলমান লোকসকলক মছজিদলৈ গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

শেহতীয়াকৈ ৰাজ্যৰ আকাশ-বতাহত আলোচিত হৈছে বৰাকক পৃথক ৰাজ্য ঘোষণা কৰাৰ প্ৰসংগ ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ চৰকাৰী বিজ্ঞাপনত ক’লা ৰং সানি উগ্ৰ বাঙালী জাতীয়তাবাদত বিশ্বাসী সংগঠনে 'বাংলা লিখুন' বুলি কৰা দাবীৰ পিচতেই চৰ্চালৈ আহিছিল এই বিষয় ৷

লগতে পঢ়ক:বৰাকক পৃথক ৰাজ্য ঘোষণা কৰিলে আন বহুতে বিচাৰিব পৃথক ৰাজ্য : ভৰত নৰহ

ABOUT THE AUTHOR

...view details