শিলচৰ, 13 ছেপ্টেম্বৰ : কাটাখাল নদীৰ খহনীয়াৰ ফলত আতংকিত হৈছে হাইলাকান্দি জিলাৰ শালচাপৰা তৃতীয় খণ্ডৰ ৰায়পাৰা গাঁৱৰ সাধাৰণ ৰাইজ । পানী কমি যোৱাৰ পাচতে কাটাখাল নদীৰ খহনীয়াই তীব্র ৰূপ লৈছে । বহু বছৰৰ পৰা খহনীয়া চলি আহিছে অঞ্চলটোত । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সাধাৰণ মানুহৰ ঘৰ-বাৰী বৰ্তমান খহনীয়াৰ কবলত ।
কাটাখাল নৈৰ খহনীয়াত ভীতিগ্ৰস্ত নৈ পৰীয়া ৰাইজ - কাটাখাল নৈৰ খহনীয়া
হাইলাকান্দি জিলাৰ শালচাপৰা তৃতীয় খণ্ডৰ ৰায়পাৰাত কাটাখাল নৈৰ প্ৰৱল খহনীয়া ৷ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে সমগ্ৰ গাঁও ৷
massive river bank erosion of katakhal river
খহনীয়াৰ কবলত এতিয়া যি কোনো সময়ত সম্পূর্ণ গাঁওখন জাহ যোৱাৰ উপক্ৰম হৈছে ৷ সময় থাকোঁতেই স্থানীয় বিধায়ক কিশোৰ নাথ আৰু জল সম্পদ বিভাগে খহনীয়াৰ বাবে পদক্ষেপ ল’লে ৰাইজৰ সংকটমোচন হ'ব বুলি উল্লেখ কৰে ৰাইজে ।
লগতে পঢ়ক :ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ