হাইলাকান্দি,23 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনখন এক কাল্পনিক আতংক-এই বিস্ফোৰক উক্তি সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ ৷ অসমৰ জাতীয় সংগঠন আৰু বিৰোধী দলসমূহে কা ৰ নামত কাল্পনিক আতংক সৃষ্টি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে । হাইলাকান্দি জিলাৰ বাউয়াৰঘাটত জামাত উলামাৰ উদ্যোগত আয়োজিত সংখ্যালঘু ৰাইজৰ এখন সভাত অংশ লৈ এইদৰে কা ৰ প্রসংগত জাতীয় সংগঠন আৰু বিৰোধী দলৰ নেতাসকলক সমালোচনাৰে থকা সৰকা কৰে আৱালে ৷
বন্ধ নহয় অসমৰ এখনো মাদ্ৰাছাঃ মমিনুল আৱাল - নাগৰিকত্ব সংশোধনী আইন
অসমৰ জাতীয় সংগঠন আৰু বিৰোধী দলসমূহে কা ৰ নামত কাল্পনিক আতংক সৃষ্টি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে । হাইলাকান্দি জিলাৰ বাউয়াৰঘাটত জামাত উলামাৰ উদ্যোগত আয়োজিত সংখ্যালঘু ৰাইজৰ এখন সভাত অংশ লৈ এইদৰে 'কা' ৰ প্রসংগত জাতীয় সংগঠন আৰু বিৰোধী দলৰ নেতাসকলক সমালোচনাৰে থকা সৰকা কৰে আৱালে ৷
![বন্ধ নহয় অসমৰ এখনো মাদ্ৰাছাঃ মমিনুল আৱাল Maminul awal's reaction on madrasa of assam hailakandi assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6173481-714-6173481-1582441454131.jpg)
কা সম্পৰ্কত সৰৱ আৱাল
কা সপক্ষে মন্তব্য আৱালৰ
সস্তীয়া ৰাজনীতিৰ নামত বিৰোধীয়ে এইদৰে কাল্পনিক আতংক সৃষ্টি কৰি আছে বুলি আৱালে অভিযোগ তোলে ৷ অসমত মাদ্ৰাছা বন্ধ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ বিষয়ত আৱালে কয়, মাদ্ৰাছা বন্ধৰ বাবে চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই । এক বিভেদকামী শক্তিয়ে অশান্তি সৃষ্টিৰ বাবে এইদৰে অপপ্ৰচাৰ চলাই আছে ৷ লগতে সাংসদ বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই বৰাকৰ পৰা নিৰ্বাচন খেলি জিকি দেখুওৱালৈ কয় ।
সস্তীয়া ৰাজনীতিৰ অভিযোগ
লগতে চাওকঃশিলচৰত আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তৰে নাগৰিকৰ "মুখামুখি"