হাইলাকান্দি, 19 জুলাই :বৰাক উপত্যকা কপোঁৱা বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ ৷ ঘটনাৰ প্ৰায় 14 দিনৰ পিচত মঙলবাৰে নিশা জুবেইৰ আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাইলাকান্দি আৰক্ষী ৷ যোৱা 5 জুলাইৰ পৰা পলাতক আছিল জুবেইৰ ৷
হাইলাকান্দি আৰক্ষীয়ে 5 জুলাইত পক্স আইনৰ অধীনত পলাতক জুবেইৰৰ সন্ধান বিচাৰি সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ বিগত 14 দিন ধৰি অভিযুক্ত জুবেইৰ আহমেদে আত্মগোপন কৰি আছিল ৷ আলগাপুৰৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য আফতাবৰ সহায়ত আৰক্ষীয়ে জুবেইৰক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ হেঁচাত জুবেইৰৰ পৰিয়াল আৰু আত্মীয়সকলে জুবেইৰক আৰক্ষীৰ হাতত গতাই দিয়াত আফতাবৰ সহায় বিচাৰিছিল বুলি জানিবলৈ পৰা গৈছে ৷ অৱশ্যে এই ঘটনা গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে হাইলাকান্দিৰ বাৰ্ণি ব্ৰীজ চাহ বাগিচাত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ জঘন্য ঘটনা সংঘটিত হৈছিল ৷ এই গোচৰত হাইলাকান্দি আৰক্ষীয়ে যোৱা 5 জুলাই তাৰিখে দুই যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ হাইলাকান্দি আৰক্ষীয়ে জাবিৰ আহমদ আৰু আনছাৰ উদ্দিন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছিল যদিও মূল অভিযুক্ত জুবেইৰ আহমেদ পলাতক হৈ আছিল ৷