হাইলাকান্দি,18 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে পুৱা হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ কৃষ্ণপুৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ চৰকাৰী ভূমি দখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় হতাহতি ৷
উল্লেখ্য যে, হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ কৃষ্ণপুৰ অঞ্চলত আছে এটা মছজিদ ৷ এই মছজিদত বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে ৷ এই মছজিদৰ কিছু নিলগত থকা এখন দেৱালৰ মাজত আছে কিছু খালী ঠাই ৷ এই খালী ঠাই খিনি হৈছে চৰকাৰী ভূমি ৷ এই চৰকাৰী ভূমিখিনি মছজিদ কমিটিয়ে হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে ৷ বৃহস্পতিবাৰে স্থানীয় কিছু লোকে এই কাৰ্যক বাধা প্ৰদান কৰাৰ ফলত দুই ফৈদৰ মাজত এক সংঘাতৰ সৃষ্টি হয় ৷ এটা সময়ত দুই ফৈদৰ মাজত শিলাবৰ্ষণো হয় ৷ যাৰ ফলত উপ স্বাস্থ্যকেন্দ্ৰ, আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ আদিকে ধৰি কেইবাটাও চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন হয় ৷ লগতে এই হতাহতিৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় বহু লোক ৷