হাইলাকান্দি, 22 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা আন্দোলনৰ তীব্ৰতা কিছু পৰিমাণে হ্ৰাস পাইছে ৷ হিংসাত্মক আন্দোলনৰ পৰিৱৰ্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে অসমীয়া ৰাইজে ৷ ৰাইজৰ ৰুদ্ৰ মূৰ্ত্তি দেখি একপ্ৰকাৰে আত্মগোপন কৰা বিজেপিৰ জনপ্ৰতিনিধি তথা নেতা পালিনেতাসকল লাহে-লাহে ঘৰমুৱা হৈছে ৷ এতিয়া ক্ৰমান্নয়ে ৰাইজৰ মাজত সোমাই নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি নেতাকৰ্মীসকলে ৷ ক'ৰবাত যদি আওপকীয়াকৈ শান্তি সমদল অনুষ্ঠিত কৰিছে, ক'ৰবাত আকৌ ৰাজহুৱা সভাত বিধেয়কখনৰ সপক্ষে না-না যুক্তি আগবঢ়াইছে বিজেপি নেতৃত্বই ৷ শনিবাৰে ৰাতি হাইলাকান্দি জিলাৰ লালা বজাৰত আয়োজন কৰা স্বামী বিবেকানন্দ মেলাৰ আৰম্ভনি অনুষ্ঠানত CAA সন্দৰ্ভত কৰিমগঞ্জ লোকসভাৰ বিজেপি সাংসদ কৃপানাথ মল্লাহে কি ক'লে এবাৰ শুনক ..
'CAA' ৰ বেপাৰটোক লৈ কোনেও চিন্তা কৰিব নালাগে ! - 'CAA' ৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ চেষ্টা বিজেপিৰ
ৰাইজৰ ৰুদ্ৰ মূৰ্ত্তি দেখি একপ্ৰকাৰে আত্মগোপন কৰা বিজেপিৰ জনপ্ৰতিনিধি তথা নেতা পালিনেতাসকল লাহে লাহে ঘৰমুৱা হৈছে ৷ এতিয়া ক্ৰমান্নয়ে ৰাইজৰ মাজত সোমাই নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি নেতাকৰ্মীসকলে ৷
বিজেপি সাংসদ কৃপানাথ মল্লাহ
এতিয়া এনেদৰে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দলৰ নেতৃত্বই ৷
লগতে পঢ়ক: এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই