অসম

assam

ETV Bharat / state

হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

জাতি মাটি ভেটি শ্ল'গানৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ । অসম মিজোৰাম সীমান্তত অসমৰ ভূমি উদ্ধাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

By

Published : Feb 18, 2021, 7:11 PM IST

হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

হাইলাকান্দি, ১৮ ফেব্ৰুৱাৰী: অসম মিজোৰাম সীমান্তত অসমৰ ভূমি উদ্ধাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বৃহস্পতিবাৰে সংগঠনটোৱে 'জিলা উপায়ুক্ত কাৰ্যালয় চলো অভিযানে'ৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

জাতি মাটি ভেটি শ্ল'গানৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ কথা আঁওৰাই থকা মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে । বিগত দিন ধৰি অসম মিজোৰাম সীমান্তৰ সমস্যাকলৈ এক প্ৰকাৰ উত্তপ্ত পৰিৱশৰ সৃষ্টি হৈ আহিছে ।

হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

যোৱা ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী গ্ৰামীন পথ নিৰ্মাণক কেন্দ্ৰ কৰি অসম মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কচুৰতল অঞ্চলত এক সংঘাতৰ সৃষ্টি হৈছিল অসমীয়া লোক আৰু মিজো সংগঠনৰ সৈতে । পাচত মিজো দুষ্কৃতিকাৰীয়ে অসমত বসবাস কৰা লোকৰ ঘৰ পৰ্যন্ত জ্বলাই দিয়াত হাইলাকান্দি জিলাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ।

কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসম আৰক্ষীয়ে এক নীৰৱ ভূমিকা পালন কৰিছে । তাৰ প্ৰতিবাদতেই বৃহস্পতিবাৰে অসম চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব বিচৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লোকসকলক আৰক্ষীয়ে আটক কৰি হাইলাকান্দি সদৰ থানালৈ লৈ যায় ।

অসম চৰকাৰ হায় হায়, হাইলাকান্দি আৰক্ষী মুৰ্দবাদ, অসমৰ মাটি উদ্ধাৰ কৰিব লাগিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সীমা সমস্যা সমাধান কৰি অসমৰ ভূমি নিৰ্ধাৰন কৰিব লাগে অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীসকলৰ ।

লগতে পঢ়ক:মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

ABOUT THE AUTHOR

...view details