অসম

assam

By

Published : Nov 3, 2020, 6:34 PM IST

ETV Bharat / state

মিজো আগ্ৰাসনৰ বিৰুদ্ধে হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ

হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ মিজো আগ্ৰাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সমস্যা সমাধান নোহোৱা পৰ্যন্ত যাতায়ত বন্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

KMSS protest against Mizo aggression in Hailakandi
মিজো আগ্ৰাসনৰ বিৰুদ্ধে হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ

হাইলাকান্দি, 3 নৱেম্বৰ : মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম-মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চলত অসমৰ মাটি আগ্ৰাসন বন্ধ কৰিবলৈ তীব্ৰ সকিয়নী প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মিজো আগ্ৰাসনৰ বিৰুদ্ধে হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ

প্রায় 5 শতাধিক স্থানীয় লোক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে কচুৰথল অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰৱৰ্তী সময়ত ৰামনাথপুৰ আৰক্ষী চকীৰ এক বিশাল আৰক্ষী বাহিনীলৈ মুহুর্তৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰৰ লগতে এক হাজাৰতকৈ অধিক লোকক আটক কৰে ৰামনাথপুৰ আৰক্ষীয়ে ।

প্ৰতিবাদকাৰীৰ মন্তব্য

লগতে পঢ়ক :চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা

ইফালে, প্ৰতিবাদকাৰীয়ে অসম-মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চলৰ লগতে যাতায়ত সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী অনুসৰি, যেতিয়ালৈ অসম-মিজোৰাম সীমান্ত সমস্যাৰ স্থায়ী সমাধান নহ'ব তেতিয়ালৈকে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিবলৈ চেষ্টা অৱ্যাহত ৰাখিব বুলি জানিব দিয়ে ।

লগতে পঢ়ক :কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়নৰ

ABOUT THE AUTHOR

...view details