অসম

assam

ETV Bharat / state

বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণৰ দাবীৰে উত্তাল হাইলাকান্দিৰ ৰাজপথ - 2021 ৰ বিধানসভা নিৰ্বাচন

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দিৰ ৰাজপথ ৷ বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ ৷ 2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বানপানীত ক্ষতিগ্ৰস্ত লোক সকলক সাহাৰ্য প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শাসকীয় দলৰ নিৰ্বাচনী সভাত বাধা প্ৰদান কৰাৰ হুংকাৰ ৷

kmss and bir lachit sena protest
kmss and bir lachit sena protest

By

Published : Jan 28, 2021, 6:14 PM IST

হাইলাকান্দি, 28 জানুৱাৰী:2016-17 বৰ্ষতেই বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলে আজিলৈকে ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাই বৃহস্পতিবাৰে হাইলাকান্দিৰ ৰাজপথ প্ৰতিবাদেৰে উত্তাল কৰি তোলে ৷

2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বানপানীত ক্ষতিগ্ৰস্ত লোক সকলক সাহাৰ্য প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীৰ

কৃষক সংগঠনটোৰ লগতে বীৰ লাচিত সেনাৰ শতাধিক কৰ্মীয়ে হাইলাকান্দিৰ ৰাজপথ উত্তাল কৰি 2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বানপানীত ক্ষতিগ্ৰস্ত লোক সকলক সাহাৰ্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে চৰকাৰে তেওঁলোকৰ দাবী মানি ন'ললে নিৰ্বাচনী সভাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে প্ৰতিবাদকাৰী সকলে হাইলাকান্দি জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু কৃষক মুক্তিৰ কৰ্মকৰ্তা সকল হাইলাকান্দি মাটিজুৰি পইন্টত আহি উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলক আটক কৰে ৷

প্ৰতিবাদকাৰী সকলক এনে বাধা প্ৰদান কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষুব্ধ হৈ ৰাইজৰ দ'লৰ সভাপতি জহিৰ উদ্দিন লস্কৰে মন্তব্য কৰে যে প্ৰশাসনে এনেদৰে বাধা প্ৰদান কৰিলেও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাই 2021 চনৰ বিধান সভা নিৰ্বাচনৰ সময়লৈকে উক্ত দাবীৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব ৷

চৰকাৰে দাবী সমূহ বিবেচনা কৰি ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত শাসকীয় দলটোৱে আয়োজন কৰা যিকোনো নিৰ্বাচনী সভাত গৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও লস্কৰে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details