অসম

assam

ETV Bharat / state

দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা - ৰামথানপুৰ আৰক্ষী চকীত গোচৰ

দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান হাইলাকান্দি আসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসম চৰকাৰৰ এগৰাকী কণিষ্ঠ অভিযন্তা ৷

Junior engineer attacked at South Hailakandi
http://10.10.50.80:6060///finalout3/assam-nle/finalout/05-September-2020/8686576_hkd.mp4

By

Published : Sep 5, 2020, 2:07 PM IST

হাইলাকান্দি, 5 ছেপ্টেম্বৰ: দক্ষিণ হাইলাকান্দিত সংঘটিত হৈছে এগৰাকী চৰকাৰী কনিষ্ঠ অভিযন্তাক বৰ্বৰ আক্ৰমণৰ ঘটনা ৷ বিভিন্ন দুৰ্নীতিৰ অভিযোগত নাম সাঙুৰ খাইছে জিলাখনৰ বহু কেইটা পঞ্চায়ত ৷ শুকুৰবাৰে এগৰাকী কনিষ্ঠ অভিযন্তাই দুৰ্নীতিৰ গ্ৰাসত সোমাই থকা এই পঞ্চায়ত কেইটা পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে একংশ পঞ্চায়ত প্ৰতিনিধিয়ে আক্ৰমণ কৰিলে চৰকাৰী অভিযন্তা গৰাকীক ৷ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান হাইলাকান্দি আসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগীয়া হয় হাইলাকান্দি ব্লকৰ অভিযন্তা সুয়াবুৰ ৰহমান বৰভুঞা ৷

উল্লেখ্য যে, বহুদিন ধৰি দক্ষিণ হাইলাকান্দি ব্লকৰ অন্তৰ্গত ঘাৰমুড়া, কিল্লাৰবাগ আদি বহুকেইটা গাঁও পঞ্চায়তৰ অধীনৰ এনৰেগাৰ লগতে 14 আৰু 15 ফাইনেন্সৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে ৷ যাৰ বাবে শুকুৰবাৰে এই পঞ্চায়ত সমুহত উপস্থিত হৈ তদন্ত চলোৱাৰ উমান পাই অভিযন্তা সুয়াবুৰ ৰহমান বৰভুঞাক আক্ৰমণ কৰিলে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিয়ে ৷ এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় তদন্তৰ বাবে যোৱা হাইলাকান্দি ব্লকৰ অভিযন্তা গৰাকী ৷ স্থানীয় একাংশ লোকে গুৰুতৰ ভাৱে আহত অভিযন্তা গৰাকীক উদ্ধাৰ কৰি হাইলাকান্দি আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই ৷

দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা

ঘটনা সন্দৰ্ভত ইতিমধ্যে জিলাখনৰ ৰামথানপুৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে অভিযন্তা গৰাকীয়ে ৷ আক্ৰমণৰ ঘটনাত পঞ্চায়ত প্ৰতিনিধি, ঘাৰমুড়া গাঁও পঞ্চায়তৰ সদস্য সতেন্দ্ৰ দাস,কিল্লাৰবাগ আঞ্চলিক সদস্য বাহাৰ উদ্দিন লস্কৰ,ঘাৰমুড়‍ জিলা পৰিষদ সদস্য সালেহ আহমেদৰ লগতে আৰু বহু কেইজন লোক জড়িত থকা বুলি উল্লেখ কৰিছে গোচৰত ৷ এই ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে কৃষক নেতা জহিৰ উদ্দিন লস্কৰে ৷

লগতে পঢ়কঃ যোৰহাটত চাঞ্চল্যকৰ এক হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details