অসম

assam

ETV Bharat / state

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

বিগত বৰ্ষত কনিষ্টবল গৰাকীয়ে NRC ভেৰিফিকেছনৰ নামত ঘোচ লোৱাৰ দৃশ্য গ্ৰহণ কৰিছিল সাংবাদিক গৰাকীয়ে ৷ ইয়াৰ পাচত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ যাৰ বাবে পুনৰ চাকৰিত যোগদান কৰিয়ে সুযোগ পাই প্ৰতিশোধ লোৱাৰ বাবে আক্ৰমণ চলায় সাংবাদিক গৰাকীৰ ওপৰত

By

Published : Jul 22, 2019, 10:18 PM IST

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

হাইলাকান্দি,22 জুলাইঃ হাইলাকান্দিত সুৰামত্ত আৰক্ষী কনিষ্টবলৰ আক্ৰমণ সাংবাদিকৰ ওপৰত। সুৰামত্ত অৱস্থাত যুৱ সাংবাদিক ৰাজেশ দাসৰ ওপৰত আক্ৰমণ চলাই ৰাজেশ শুক্লবৈদ্য নামৰ আৰক্ষী কনিষ্টবল গৰাকীয়ে ৷ আৰক্ষী কনিষ্টবলে উৎকোচ লোৱাৰ সংবাদ পৰিৱেশন কৰাৰ বাবেই আক্ৰমণৰ অভিযোগ উত্থাপন ৷ লগতে কনিষ্টবল গৰাকীয়ে ম'বাইল ভাঙি দিয়াৰো অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে,বিগত বৰ্ষত কনিষ্টবল গৰাকীয়ে NRC ভেৰিফিকেছনৰ নামত ঘোচ লোৱাৰ দৃশ্য গ্ৰহণ কৰিছিল সাংবাদিক গৰাকীয়ে ৷ ইয়াৰ পাচত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ যাৰ বাবে পুনৰ চাকৰিত যোগদান কৰিয়ে সুযোগ পাই প্ৰতিশোধ লোৱাৰ বাবে আক্ৰমণ চলায় সাংবাদিক গৰাকীৰ ওপৰত। লগতে কনিষ্টবল গৰাকীৰ লগত আন 5/6 গৰাকী চি আৰ পি এফ জোৱানও এই আক্ৰমণত জড়িত থকাৰ কথা ব্যক্ত কৰে সাংবাদিক গৰাকীয়ে ৷

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

আনহাতে, ঘটনা সন্দৰ্ভত সাংবাদিক ৰাজেশ দাসে হাইলাকান্দি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছে ৷ গোচৰৰ ভিত্তিতে হাইলাকান্দি আৰক্ষীয়ে ৰাজেশ বৈদ্য নামৰ আৰক্ষী কনিষ্টবল গৰাকীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details