কৰিমগঞ্জ,21 জুন :মঙলবাৰে নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে বহু ৰাজনৈতিক নেতাৰ ভৱিষ্যত আন্ধকাৰ হৈ পৰিছে ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷
‘কোনে কৰিছিল সীমা নিৰ্ধাৰণ, কেনেকৈ কৰিলে, কিহৰ ভিত্তিত সমষ্টি নিৰ্ধাৰণ কৰিলে আমি একো নাজানো । মই বুজি নাপাঁও নিৰ্বাচন আয়োগৰ কাম কি ! বিদ্যুৎ বিলৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা ! কাৰণ ক’ত হিন্দু মানুহ আছে ক’ত মুছলমান মানুহ আছে তাৰ প্ৰতি লক্ষ্য কৰি ভাগ ভাগ কৰা হৈছে ৷ এয়া সমষ্টি পুনৰ নিৰ্ধাৰণ নহয়, হিন্দু-মুছলমানৰ মাজত বিভাজন আনিছে ৷ যিমান হিন্দু গাঁও আছে সকলো হাইলাকান্দিত, সংখ্যালঘু গাওঁসমূহ আলগাপুৰত সোমাইছে ৷ এয়া একনায়কত্ববাদ ৷’
‘কোনটো এলেকা ক’ত গ’ল কোনেও স্পষ্টকৈ ক’ব নোৱাৰে । মানুহৰ মৌলিক অধিকাৰ কাঢ়ি লৈ সীমা নিৰ্ধাৰণ কৰা হৈছে। বিজেপি দলৰ লাভৰ বাবে হিন্দু-মুছলমানৰ মাজত বিভাজন কৰা হৈছে । বৰাকত আসন দুখন হ্ৰাস কৰা হৈছে । আমি এই খচৰা মানি নলওঁ,প্ৰয়োজন হ'লে আদালতৰ কাষ চাপিম ৷’