শিলচৰ,6 জানুৱাৰী :মঙলবাৰে হাইলাকান্দি জিলাৰ কালিনগৰ পাঁচগ্ৰামত মাল্টি ভিলেজ পানীযোগান আঁচনিৰ উদ্বোধন কৰা হয় ৷ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে উদ্বোধন কৰা এই আঁচনিত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়,কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ লগতে আলগাপুৰ সমষ্টিৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰী ৷ উল্লেখ্য যে,বহুকেইখন গাঁও সাঙুৰি লৈ ৰাজ্য চৰকাৰে এই মাল্টি ভিলেজ পানী যোগান আঁচনি আৰম্ভ কৰিছে ৷
হাইলাকান্দিত মাল্টি ভিলেজ পানীযোগান আঁচনিৰ শুভাৰম্ভ - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
হাইলাকান্দিত মাল্টি ভিলেজ পানীযোগান আঁচনিৰ শুভাৰম্ভ ৷ এই আঁচনিৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ ইয়াৰ দ্বাৰা ৰাইজে আগন্তুক সময়ত পৰিস্কাৰ খোৱাপানী লাভ কৰিব বুলি সাংবাদিকৰ আগত কয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷
হাইলাকান্দিত বহুগাঁও পানীযোগান আঁচনিৰ শুভাৰম্ভ
ইপিনে,এই আঁচনি উদ্বোধন কৰি মন্ত্ৰী ৰিহণ দৈমাৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে,এই আঁচনিত 2খনকৈ পঞ্চায়তৰ 12খনকৈ গাঁও সন্নিৱিষ্ট কৰা হৈছে ৷ তদুপৰি ইয়াৰ দ্বাৰা ৰাইজে আগন্তুক সময়ত পৰিস্কাৰ খোৱাপানী লাভ কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃদুৰ্ঘটনাত পতিত বায়ুসেনাৰ Mig 21 বাইচন:সুৰক্ষিত অৱস্থাত 2 পাইলট