হাইলাকান্দি, 1 জুনঃ হাইলাকান্দিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ আলগাপুৰ আৰক্ষীয়ে জব্দ কৰে কাঠ ভৰ্তি ট্ৰাক খন । হাইলাকান্দিত আলগাপুৰ আৰক্ষীয়ে জব্দ কৰে কাঠ ভৰ্তি এখন ট্ৰাক। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হ'ল AS-11CC-7821 ৷ শিলচৰৰ পৰা হাইলাকান্দি লৈ আহি থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷ ট্ৰাকখনত চেগুন আৰু সৰল কাঠ থকা বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত সদৰি কৰে যদিও ট্ৰাকখনত থকা কাঠখিনি পৰীক্ষা কৰিবলৈ জিলা বন বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বুলি সাংবাদিকৰ আগত আৰক্ষী বিষয়াজনে সদৰি কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে চালক জনক আটক কৰে ৷ লগতে উক্ত ঘটনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ কাঠ ভৰ্তি ট্ৰাকখন এতিয়ালৈকে আলগাপুৰ আৰক্ষীৰ জিম্মাতে ৰাখিছে আৰক্ষীয়ে ৷
হাইলাকান্দিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ - আৰক্ষী
হাইলাকান্দিত আৰক্ষীয়ে জব্দ কৰে কাঠ ভৰ্তি ট্ৰাক এখন। ইতিমধ্যে আৰক্ষীয়ে চালকজনক আটক কৰি ঘটনাটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

হাইলাকান্দিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
হাইলাকান্দিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ