হাইলাকান্দি,9 জুলাই:এইবাৰ বিভিন্ন অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈছে হাইলাকান্দিৰ বন বিভাগ ৷ বন বিভাগৰ নেতৃত্বত বুধবাৰে চলা এক অভিযানত উচ্ছেদ কৰা হৈছে কেইবাটাও অবৈধ কাঠফলা মিল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে বন বিভাগৰ দক্ষিণ অসম শাখাৰ শিলচৰৰ মুখ্য় বন সংৰক্ষক বিষয়া সুমন মহাপাত্ৰৰ নেতৃত্বত হাইলাকান্দি জিলাৰ বন বিষয়া এন এইচ মজুমদাৰৰ সহযোগত অভিযান চলোৱা এটা দলে উচ্ছেদ কৰে তিনিটাকৈ অবৈধ মিল ৷
বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠ ফলা মিল - মুখ্য় বন সংৰক্ষক বিষয়া সুমন মহাপাত্ৰ
হাইলাকান্দিত বন বিভাগৰ অতৰ্কিত অভিযান ৷ এই অভিযানত উচ্ছেদ কৰা হৈছে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে চলি অহা কেইবাটাও কাঠফলা মিল ৷ লগতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠ ৷
অভিযানকাৰী দলটোৱে বিশেষকৈ জিলাখনৰ ভিছিংচা অঞ্চলৰ লগতে অন্য দুটা অঞ্চলত এই অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ তদুপৰি মিল কেইটাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে অভিযানৰ পিছতে ছীল কৰি দিয়ে মিল তিনিটা ৷ ইফালে বন বিভাগৰ এই অভিযানৰ খবৰ পোৱা মাত্ৰকে মিল কৰ্তৃপক্ষই একাংশ চোৰাং কাঠ ততাতৈয়াকৈ আন ঠাইলৈ নিয়াৰ যোজা চলাই যদিও অভিযানকাৰী দলটোৱে জব্দ কৰে তিনিখনকৈ চোৰাং কাঠভৰ্তি ই-ৰিক্সা ৷ জিলা বন বিষয়াগৰাকীয়ে পৰৱৰ্তী সময়তো অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে ৷
লগতে চাওকঃবাংলাদেশৰ যুৱতীক ব্লেকমেইলিং কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ যুৱক