অসম

assam

ETV Bharat / state

হাইলাকান্দিত মাথাউৰি কাটি অবৈধভাৱে চলিছে বালিৰ বেহা! - sand business at hailakandi

বেৰাখাল নৈৰ মাথাউৰি কাটি অবৈধভাৱে চলিছে বালিৰ বেহা ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে দুই ব্যৱসায়ীৰ বিৰুদ্ধে ৷ আলি আহমেদ শেখ আৰু মণ্টু নামৰ দুই ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মহনপুৰ আৰক্ষীৰ চকীত ৰুজু কৰিছে গোচৰ ৷

Illegal sand business at hailakandi
হাইলাকান্দিত মাথাউৰি কাটি অবৈধভাৱে চলিছে বালিৰ বেহা

By

Published : Dec 22, 2020, 1:51 PM IST

হাইলাকান্দি, 22 ডিচেম্বৰ: হাইলাকান্দিত অবৈধভাৱে চলিছে বালিৰ ৰমৰমীয়া বেহা ৷ অসাধু বালিৰ ব্যৱসায়ীয়ে মথাউৰি কাটি চলাই গৈছে বালিৰ ব্যৱসায় ৷ হাইলাকান্দি জিলাৰ মহনপুৰ অঞ্চলৰ বেৰাখাল নৈৰ মাথাউৰি কাটি অবৈধভাৱে বালিৰ বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ,আলি আহমেদ শেখ আৰু মণ্টু নামৰ দুই ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা কাঠাকাল নৈৰ পৰা অবৈধ ভাৱে বালিৰ ব্যৱসায় কৰি আহিছে ৷

হাইলাকান্দিত মাথাউৰি কাটি অবৈধভাৱে চলিছে বালিৰ বেহা!

ইতিমধ্যে মহনপুৰ অঞ্চলৰ স্থানীয় ৰাইজে দুই ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মহনপুৰ আৰক্ষীৰ চকীত এক গোচৰ ৰুজু কৰিছে ৷ অতি শীঘ্ৰে দুই ব্যৱসায়িক আটক কৰাৰ লগতে অবৈধ বালিৰ বেহা বন্ধ আৰু মাথাউৰি নিৰ্মাণৰ দাবী জনায় ৷

লগতে পঢ়ক:হোজাই জিলাৰ লংকাত জব্দ কয়লা ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details