অসম

assam

ETV Bharat / state

পঢ়াৰ খৰচ উলিয়াবলৈ ৰাজপথত ভিক্ষা এদল ছাত্ৰ-ছাত্ৰীৰ - hailakandi pasgram paper mill

পঢ়াৰ খৰছ উলিয়াবলৈ এনে পন্থা অৱলম্বন কৰে কাগজকল কৰ্মচাৰীৰ পুত্ৰ-কন্যাই । নবৱর্ষ উপলক্ষে সকলোয়ে বনভোজ খাই আনন্দ উপভোগ কৰি থকা সময়তে এসময়ত সচ্ছল জীৱন কটোৱা এই ছাত্ৰ সকল ৰাস্তত ভিক্ষা মাগিবলৈ বাধ্য হয়

হাইলাকান্দি
পঢ়াৰ খৰচ উলিয়াবলৈ ৰাজপথত ভিক্ষা মাগিছে এদল ছাত্ৰ-ছাত্ৰীয়ে

By

Published : Jan 1, 2020, 11:46 PM IST

হাইলাকান্দি, 1 জানুৱাৰীঃ সমূহ ৰাজ্যবাসীয়ে উলহমালহেৰে ইংৰাজী নৱবর্ষ পালন কৰি থকা সময়তেই হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজকল কৰ্মীৰ পৰিয়ালৰ পুত্ৰ কন্যাই ৰাজপথত নামি মাগিলে ভিক্ষা । পঢ়াৰ খৰছ উলিয়াবলৈ এনে পন্থা অৱলম্বন কৰে কাগজকল কৰ্মচাৰীৰ পুত্ৰ-কন্যাই । নবৱর্ষ উপলক্ষে সকলোয়ে বনভোজ খাই আনন্দ উপভোগ কৰি থকা সময়তে এসময়ত সচ্ছল জীৱন কটোৱা এই ছাত্ৰ সকল ৰাস্তত ভিক্ষা মাগিবলৈ বাধ্য হয় ৷

পঢ়াৰ খৰচ উলিয়াবলৈ ৰাজপথত ভিক্ষা এদল ছাত্ৰ-ছাত্ৰীৰ

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজকল বন্ধ হৈ থকাৰ বাবে কৰ্মীসকলে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ বাবে তেওঁলোকৰ সন্তানক বৰ্তমান সময়ত যোগান ধৰিব পৰা নাই পঢ়াৰ খৰচ ৷ সেয়েহে পহিলা জানুৱাৰীতে ৰাজপথৰ পৰা আৰম্ভ কৰি দোকানলৈ গৈ ভিক্ষা মাগিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধৰীয়ে ২ হাজাৰ টকা সাহায্য প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীসকলক । লগতে বিধায়ক গৰাকীয়ে আশ্বাস দিয়ে যে, আগন্তুক অধিৱেশনত কাগজকল কৰ্মীসকলক দৰমহা মুকলি কৰি দিয়াৰ দাবী জনাব বিধায়কজনে ।

আৰু পঢ়কঃ পহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি

ABOUT THE AUTHOR

...view details