অসম

assam

কৰ’ণা সংক্ৰমণৰ হটস্পটলৈ পৰিণত চিকিৎসালয়

By

Published : Jul 9, 2020, 6:56 PM IST

বৃহস্পতিবাৰৰ দিনটোলৈকে হাইলাকান্দি জিলাত মহামাৰীবিধৰ দ্বাৰা আক্ৰান্ত হৈছে 381 গৰাকী ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰত 22 গৰাকী ব্যক্তিৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷

Hospital and dc office close due to covid 19 Hailakandi assam etv bharat news
কৰ’ণা সংক্ৰমণৰ হটস্পটলৈ পৰিণত চিকিৎসালয়

হাইলাকান্দি,9 জুলাই:হাইলাকান্দি জিলাতো ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোলৈকে জিলাখনত মহামাৰীবিধৰ দ্বাৰা আক্ৰান্ত হৈছে 381 গৰাকী ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰত 22 গৰাকী ব্যক্তিৰে নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷ ইতিমধ্যে জিলাখনৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ লগতে এগৰাকী চিকিৎসক, সাত গৰাকী অন্যান্য চিকিৎসা কৰ্মী, আৰক্ষী আৰু চিআৰপিএফ জোৱানো আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷

কৰ’ণা সংক্ৰমণৰ হটস্পটলৈ পৰিণত চিকিৎসালয়

বুধবাৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আৰ কে দামৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে পৰৱৰ্তী দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ ইফালে কৰ’ণাৰ হটস্পটলৈ ৰূপান্তৰিত হৈছে হাইলাকান্দিৰ কালিনগৰ সৰোজিনী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ উক্ত চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকৰ দেহত বিগত 7 জুলাইত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত অন্য পাঁচগৰাকী ব্যক্তি Covid 19 ৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ জিলা প্ৰশাসনে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণেৰে সাময়িকভাৱে ছীল কৰি দিয়ে চিকিৎসালয়খন ৷

লগতে চাওকঃকেইবাটাও সমস্যা সমাধানৰ দাবীৰে বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details