হাইলাকান্দি,4 নৱেম্বৰ :সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে হাইলাকান্দিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আয়োজন কৰা হৈছিল এক প্ৰতিবাদী কাৰ্যসূচীৰ । জিলা সদৰৰ শ্বহীদ স্মাৰক স্থলত আয়োজন কৰা হৈছিল এই তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ । কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰে আৰক্ষীয়ে । প্ৰতিবাদ আৰম্ভ হোৱাৰ মুহুৰ্ততে আন্দোলন বন্ধ কৰিবলৈ উপস্থিত হয় বিশাল আৰক্ষী আৰু চিআৰপিএফ বাহিনী । পিছত জিলা প্ৰশাসনৰ আহ্বানক স্বাগতম জনাই কাৰ্যসূচী আধাতে সামৰিলে প্ৰতিবাদকাৰী সকলে।
হাইলাকান্দিত আছুৰ আন্দোলনত বাধা প্ৰশাসনৰ - হাইলাকান্দিত আছুৰ আন্দোলনত বাধা প্ৰশাসনৰ
সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । কিন্তু জিলা প্ৰশাসনে আন্দোলনত বাধা দিয়াত আন্দোলন আধাতে সামৰিলে প্ৰতিবাদকাৰী সকলে ।
![হাইলাকান্দিত আছুৰ আন্দোলনত বাধা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4954273-thumbnail-3x2-4r-4ri4ri4trui.jpg)
হাইলাকান্দিত আছুৰ আন্দোলনত বাধা প্ৰশাসনৰ
হাইলাকান্দিত আছুৰ আন্দোলনত বাধা প্ৰশাসনৰ
উল্লেখ্য যে, হাইলাকান্দি জিলাত আইন শৃংখলা জনিত পৰিস্থিতি অৱনমিত হোৱাৰ বাবে জিলা উপায়ুক্তই ইতিমধ্যেই জিলাখনত বলবৎ কৰি থৈছিলে ১৪৪ ধাৰা । এই ধাৰা মতে জিলাখনত সকলো প্ৰকাৰৰ সভা সমিতি সমদল আদি নিষিদ্ধ কৰা হৈছিল । যাৰ ফলত আছুক এই আন্দোলন বন্ধ কৰিবলৈ আহ্বান জনায় হাইলাকান্দি জিলা প্ৰশাসনে ৷ পাছত জিলা প্ৰশাসনৰ আহ্বানক সন্মান জনাই প্ৰতিবাদী কাৰ্যসূচী আধাতে সামৰিলে জিলা ছাত্ৰ সন্থাই ।
Last Updated : Nov 4, 2019, 6:34 PM IST