হাইলাকান্দি,১৫ এপ্ৰিলঃ হাইলাকান্দিত পুনৰ ভোট বৰ্জনৰ হুংকাৰ। কাৰণ এতিয়াও হাইলাকান্দিৰ বহু গাঁৱত নাই জীৱন নিৰ্বাহৰ ন্যূনতম সুবিধা। হাইলাকান্দিৰ চহৰতলীৰ বাউৰঘাট অঞ্চলত স্বাধীনতাৰ ৭০ বছৰ পিছতো ৰাইজে পোৱা নাই জীৱন নিৰ্বাহ কৰাৰ ন্যূনতম সা-সুবিধা। চহৰৰ কাষত বসবাস কৰাৰ পিছতো জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিব লগা হয় অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। সামান্য এজাক বৰষুণতে পানীত ডুব যায় সমগ্ৰ অঞ্চল। কাৰণ গাঁওখনত নাই কোনো জল নিষ্কাশনৰ ব্যৱস্থা ।
হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ - হাইলাকান্দি
হাইলাকান্দিৰ চহৰতলীত নাই পকী পথ, নাই খোৱা পানী, নাই জল নিষ্কাশনৰ ব্যৱস্থা। জনপ্ৰতিনিধিৰ ওপৰত আশা হেৰুৱাই ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ সাধাৰণ ৰাইজৰ
হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ
সাধাৰণ ৰাইজৰ এই দুৰ্ভোগৰ পিছতো ৫ বছৰে কোনো খবৰ নল'লে সাংসদ ৰাধেশ্যাম বিশ্বাসে। বছৰ বছৰ ধৰি চলা এই বঞ্চনাৰ প্ৰতিবাদত অহা লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ প্ৰায় ৩ হাজাৰৰো অধিক ভোটাৰ ৰাইজে।