হাইলাকান্দি, ২অক্টোবৰ: কৃত্ৰিম বানৰ কবলত হাইলাকান্দিৰ বিস্তীৰ্ণ অঞ্চল। বানে বুৰাইছে হাইলাকান্দি জিলাৰ প্ৰায় ৮০% শতাংশৰো অধিক অঞ্চল। জিলাখনৰ গুৰুত্বপূৰ্ণ স্থান বাটা পয়েন্ট, ৰে'লৱে ষ্টেচন পথ, লক্ষ্মীচহৰ, টোল ৰোড, আৰু মডেল কলনীকো প্লাবিত কৰিছে কৃত্ৰিম বানে। বৰ্তমানেও পানীৰ মাজত আবদ্ধ হৈ আছে বহু পৰিয়াল। ঘৰৰ বাহিৰে-ভিতৰে মাথোঁ পানী।
হাইলাকান্দিত কৃত্ৰিম বান
হাইলাকান্দিত কৃত্ৰিম বান। জিলাখনৰ প্ৰায় ৮০% শতাংশৰো অধিক অঞ্চল প্লাবিত কৰিছে বানে। পৌৰসভাৰ ভূমিকাক লৈ ক্ষুদ্ধ স্থানীয় ৰাইজ।
হাইলাকান্দিত কৃত্ৰিম বান
ফলত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৰাইজে। বাট-পথ পানীয়ে বুৰাই পেলোৱাত যাতায়ত স্তব্ধ হৈ পৰিছে। জিলাখনৰ উন্নয়নৰ দায়িত্বত থকা পৌৰসভাৰ দায়িত্বহীনতাৰ কাৰণে বাৰে বাৰে কৃত্ৰিম বান হয় বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে।