হাইলাকান্দি , 14 মে' :মঙলবাৰৰ পৰা ক্ৰমাৎ স্বাভাৱিক হৈ উঠিছে হাইলাকান্দিৰ পৰিস্থিতি ৷ সান্ধ্য আইন জাৰি হৈ থকা অৱস্থাত চহৰখনত ইন্টাৰনেট সেৱা বন্ধ আছিল যদিও আজি পুৱা 6.14 বজাৰ পৰা পুনৰ আৰম্ভ হয় ইণ্টাৰনেট সেৱা ৷
স্বাভাৱিক হোৱাৰ পথত হাইলাকান্দিৰ পৰিস্থিতি - উপত্যকা
আজিৰে পৰা হাইলাকান্দিত বন্ধ হৈ থকা বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰীকালীন সেৱা পুনৰ মুকলি কৰা হৈছে ৷ অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও শিক্ষানুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়ালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷ সন্ধিয়াৰ পাচত বুধবাৰে পুৱালৈকে পুনৰ বাহাল কৰা হ'ব সান্ধ্য আইন ৷
ইণ্টাৰনেটৰ লগতে আজিৰে পৰা হাইলাকান্দিত বন্ধ হৈ থকা বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰীকালীন সেৱা পুনৰ মুকলি কৰা হৈছে ৷ অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও শিক্ষানুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়ালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷ সন্ধিয়াৰ পাচত বুধবাৰে পুৱালৈকে পুনৰ বাহাল কৰা হ'ব সান্ধ্য আইন ৷
ইপিনে সোমবাৰে হাইলাকান্দিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ সমগ্ৰ ঘটনাত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে বিধায়ক কৃপানাথ মাল্লা, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগতলৈ শুকুৰবাৰে ক্ষতিগ্ৰস্ত হোৱা স্থানসমূহ পৰিদৰ্শন কৰে ৷ আনহাতে মন্ত্ৰী শুক্লবৈদ্যই এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষিক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে ৷ লগতে শুকুৰবাৰৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷