হাইলাকান্দি, 20 ফেব্ৰুৱাৰীঃ হাইলাকান্দিত আৰক্ষীৰ আৰু CRPF'ৰ যৌথ অভিযান । অভিযানকালত জব্দ এটা ৭.৬৫MM পিষ্টল ১২ জাই সজীৱ গুলীসহ এটা মেগজিন । হাইলাকান্দি জিলাৰ ৰাঙাউটি গাঁৱৰ নিজাম উদ্দিন চৌধুৰী নামৰ এগৰাকী ব্যক্তি ঘৰৰ কাষৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো । ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে । আনহাতে, অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
হাইলাকান্দিত সজীৱ গুলীসহ উদ্ধাৰ পিষ্টল - gun seized at hailakandi
হাইলাকান্দিৰ ৰাঙাউটি গাঁৱত সজীৱ গুলীসহ জব্দ ৭.৬৫MM পিষ্টল ৷ আৰক্ষীৰ আৰু CRPF'ৰ যৌথ অভিযানকালত জব্দ কৰা হয় সামগ্ৰীখিনি ৷
![হাইলাকান্দিত সজীৱ গুলীসহ উদ্ধাৰ পিষ্টল হাইলাকান্দি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6146044-576-6146044-1582233727625.jpg)
হাইলাকান্দিত সজীৱ গুলীসহ উদ্ধাৰ পিষ্টল
হাইলাকান্দিত সজীৱ গুলীসহ উদ্ধাৰ পিষ্টল