অসম

assam

By

Published : Jul 26, 2020, 1:38 PM IST

ETV Bharat / state

বিধায়কৰ প্ৰতিকৃ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে আলগাপুৰবাসীয়ে

আলগাপুৰ আৰক্ষী চকীৰ বিপৰীতে থকা এই পথছোৱাৰ ওপৰত প্ৰায় 3000 লোক নিৰ্ভৰশীল হৈ আছে ৷ তৎসত্বেও পথটো মেৰামতিৰ বাবে কোনো আগুৱাই নহাত আজি প্ৰতিবাদত নামি পৰে ক্ষোভিত ৰাইজে ৷ লগতে শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী জনাই ৰাইজে ৷

Hailakandi
হাইলাকান্দিত নিজাম উদ্দিন চৌধুৰীৰ প্ৰতিমুৰ্তি দাহ

হাইলাকান্দি, 26 জুলাইঃহাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ । দুডাল বাঁহৰ ওপৰেৰে যাতায়ত কৰি আহিছে স্থানীয় ৰাইজে ৷ ইফালে পথটোত থকা গাঁতত পানী জমা হোৱাৰ ফলত পথ পৰিণত হৈছে পথাৰত ৷ ৰাইজৰ বহু অনুৰোধ, প্ৰতিবাদৰ পাছতো পথছোৱাৰ বাবে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়ক নিজাম উদ্দিনে ৷ ফলত দেওবাৰে অতিষ্ঠ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে ৷

লগতে পঢ়কঃৰঙাপৰাত ভুৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

তথ্য অনুসৰি, পথছোৱাৰ মেৰামতিৰ বাবে বিধায়কে নিৰ্বাচনৰ পূৰ্বে ৰাইজক কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল বুলি জানিবলৈ দিয়ে ৰাইজে ৷ ইয়াৰোপৰি বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিধায়কে ৰাইজক নিজ অৰ্থৰে পথটো মেৰামতি কৰাৰ লগতে পৰৱৰ্তী সময়ত পুঁজিৰ পৰা সেই ধন উলিয়াই দিম বুলি কৈছিল যদিও সেয়াও হৈ নুঠিল ৷ উল্লেখ্য যে, আলগাপুৰ আৰক্ষী চকীৰ বিপৰীতে থকা এই পথছোৱাৰ ওপৰত প্ৰায় 3000 লোক নিৰ্ভৰশীল হৈ আছে ৷ তৎসত্বেও পথটো মেৰামতিৰ বাবে কোনো আগুৱাই নহাত আজি প্ৰতিবাদত নামি পৰে ক্ষোভিত ৰাইজে ৷ লগতে শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী জনাই ৰাইজে ৷

ABOUT THE AUTHOR

...view details