অসম

assam

ETV Bharat / state

ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত হত্যাকাণ্ড

হাইলাকান্দিত এক ভূমি বিবাদক কেন্দ্ৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ লাঠি, দা আৰু অস্ত্ৰসহ মাটিৰ মালিকৰ 6 জনীয়া দলৰ ওপৰত আক্ৰমণ কৰে কেইগৰাকীমান লোকে ৷ এই ঘটনাত এগৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় দুগৰাকীকৈ লোক ৷

By

Published : Feb 9, 2020, 9:23 PM IST

Updated : Feb 9, 2020, 10:00 PM IST

হাইলাকান্দিত সংঘটিত হত্যাকাণ্ড
হাইলাকান্দিত সংঘটিত হত্যাকাণ্ড

হাইলাকান্দি, 9 ফেব্ৰুৱাৰীঃএক ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত হয় হত্যাকাণ্ড ৷ 9 বছৰজোৰা দীৰ্ঘদিনীয়া এই ভূমি বিবাদক লৈ আজি এক বিচাৰ সভা অনুষ্ঠিত হয় মোহনপুৰ নামৰ গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত ৷ কিন্তু হঠাতে ঘটনাস্থলীত লাঠি, দা আৰু অস্ত্ৰসহ মাটিৰ মালিকৰ 6 জনীয়া দলৰ ওপৰত আক্ৰমণ কৰে কেইগৰাকীমান লোকে ৷ এই ঘটনাত অভিজিত শৰ্মা মজুমদাৰ নামৰ লোকজন থিতাতে নিহত হোৱাৰ লগতে, প্ৰতাপ ৰয় আৰু সানি ৰয় নামৰ দুগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোকসকলৰ এজনক হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু আনজন ব্যক্তিক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷

ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি

ঘটনাৰ কিছু সময়ৰ পিচতে তিনিগৰাকী লোকক আটক কৰে হাইলাকান্দি আৰক্ষীয়ে ৷ উল্লেখ্য যে, হাইলাকান্দিৰ শ্ৰীকৃষ্ণ সাৰদা ৰোডত ইতিমধ্যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে ৷ যাৰ পৰিপ্ৰেক্ষিতত হাইলাকান্দি আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হয় ৷ বৰ্তমানেও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে হাইলাকান্দি চহৰত, যাৰ ফলত চহৰখনৰ সমূহ দোকান পোহাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷

DIG দিলীপ কুমাৰ দে

দিনৰ ভাগত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাৰ পিচতে চহৰখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইলাকান্দিত জাৰি কৰা হৈছে 144 ধাৰা ৷ জিলা প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি এইদৰে 144 ধাৰা জাৰি কৰে ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকা মুল অভিযুক্ত সাইদুৰ ৰহমান ওৰফে বাগুৰাক মোহনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ 144 ধাৰাৰ লগতে, চহৰখনত চিআৰপিএফ বাহিনীৰ বিশাল দল মোতায়েন কৰা হৈছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ ঘটনাস্থলীত আহি উপস্থিত হৈছে অসম আৰক্ষীৰ দক্ষিণ প্ৰান্তৰ DIG দিলীপ কুমাৰ দে ৷

লগতে পঢ়ক ঃ চীনত অব্যাহত ক'ৰনা ভাইৰাছৰ সংহাৰ: মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি

Last Updated : Feb 9, 2020, 10:00 PM IST

ABOUT THE AUTHOR

...view details