অসম

assam

ETV Bharat / state

3 গৰাকী নাৰ্ছেৰে চৰম দুৰাৱস্থাত হাইলাক‍ান্দিৰ মডেল হাস্পতাল - 3 গৰাকী নাৰ্ছেৰে চৰম দুৰৱস্থাত হাইলাক‍ান্দিৰ মডেল হাস্পাতাল

২০১৪ চনত উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ফলত বিগত ৫ বছৰে সকলো সা-সামগ্ৰী প্ৰদান কৰি সজাই পৰাই তোলা হৈছে হাস্পতালখন।

হাইলাক‍ান্দিৰ মডেল হাস্পাতাল

By

Published : Nov 15, 2019, 11:26 PM IST

হাইলাকান্দি, 15 নৱেম্বৰ:৩০ খনতকৈ অধিক বিছনাযুক্ত, জৰুৰীকালীন সেৱা, বিনামূলীয়া দৰব-পাতি, বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ দ্বাৰা উন্নত চিকিৎসাৰ আশ্বাস প্ৰদান কৰি হাইলাকান্দিৰ ধলাই চাহ বাগিচাত ৩ কোটি ৯০ লাখতকৈ অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হয় এখন মডেল হাস্পতাল ৷

২০১৪ চনত উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও, চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ ফলত বিগত ৫ বছৰ পাচত পুনৰ সকলো সা-সামগ্ৰী প্ৰদান কৰি সজাই পৰাই তোলা হৈছে হাস্পতালখন। কিন্তু ইমানৰ পিচতো দুৰ্যোগ কমা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজৰ। কাৰণ হাস্পতালখন পৰিচালনাৰ দায়িত্বত আছে মাত্ৰ তিনি গৰাকী চিকিৎসকৰ লগতে তিনি গৰাকী নাৰ্ছ।

মডেল হাস্পাতাল

১ লাখৰো অধিক জনসংখ্যা থকা কাঠলিছেড়া সমষ্টিৰ একমাত্ৰ মডেল হাস্পতালখন মাত্ৰ তিনি গৰাকী নাৰ্ছেৰে পৰিচালিত হৈ অহাৰ ফলত বহু সময়ত বিপৰ্যয়ৰ সমুখীন হৈছে স্থানীয় ৰাইজ ৷ চৰকাৰী তথ্য মতে চিকিৎসক থাকিলেও, মাহত দুই তিনি দিন হে মাত্ৰ উপস্থিত হয় হাস্পতালখনত। হাস্পতালখনৰ এই দুৰৱস্থাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জগৰীয়া কৰি ভয়ংকৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।

ABOUT THE AUTHOR

...view details