হাইলাকান্দিত নাবালিকা ধৰ্ষণ কৰাৰ ভিডিও ভাইৰেল - নাবালিকা ধৰ্ষণ
হাইলাকান্দিত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী নাবালিকা কিশোৰীক বলাৎকাৰ কৰা ভিডিও ভাইৰেল কৰিছে দুই যুৱকে। এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। WhatsAppৰ জৰিয়তে ভাইৰেল কৰিছে এই নিৰ্যাতনৰ দৃশ্য।
হাইলাকান্দি,2মেঃ শনিবাৰে নিজ গাঁৱত অনুষ্ঠিত এক অনুষ্ঠানলৈ গৈছিল নাবালিকা কিশোৰীগৰাকী। কিন্তু অনুষ্ঠানৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়ত প্ৰতিবেশী দুই যুৱকে নিৰ্যাতন চলায় কিশোৰীগৰাকীক ৷ অভিযোগ অনুসৰি গাঁৱৰে দুই যুৱক জনৈক আশিক আৰু ৰফিকে কিশোৰী গৰাকীক এক নিৰ্জন স্থানলৈ লৈ গৈ চলায় অকথ্য নিৰ্যাতন। এই সকলো দৃশ্য মোবাইলত ৰেকৰ্ড কৰি হোৱাটছএপৰ জৰিয়তে ভাইৰেল কৰি দিয়ে দুই যুৱকে। ঘটনাৰ পিচত স্থানীয় দল সংগঠনৰ সহায়ত দুই যুৱকৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত গোচৰ ৰজু কৰিছে নাবালিকাৰ মাতৃয়ে। হাইলাকান্দি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিলেও এতিয়ালৈকে আটক কৰিব পৰা নাই এই দুই যুৱকক।