অসম

assam

ETV Bharat / state

অৱশেষত গৌতম ৰয়ক স্বাগতম জনালে হাইলাকান্দিৰ বিজেপি কৰ্মীয়ে - হাইলাকান্দি

হাইলাকান্দি জিলা বিজেপি কাৰ্যালয়ত উপস্থিত গৌতম ৰয় ৷ 13 আগষ্ট পৰ্যন্ত গৌতম ৰয়ৰ বিজেপি গমনৰ বিৰোধিতা কৰা হাইলাকান্দি জিলা বিজেপিয়ে মিঠাই খুৱাই, বাইক ৰেলীৰে স্বাগতম জনালে প্ৰাক্তনমন্ত্ৰী গৰাকীক ৷

হাইলাকান্দি বিজেপিৰ উষ্ম আদৰণি জনালে গৌতম ৰয়ক

By

Published : Aug 16, 2019, 5:33 PM IST

হাইলাকান্দি, 16 আগষ্টঃ বছৰজোৰা অংক আৰু উদ্বেগৰ অন্ত পেলাই যোৱা 13 তাৰিখে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয় শুকুৰবাৰে উপস্থিত হ'লগৈ হাইলাকান্দি জিলাৰ বিজেপি অফিচত ৷ দলীয় কাৰ্যালয়ত গামোছা পিন্ধাই, মিঠাই খুৱাই গৌতম ৰয়ক দললৈ স্বাগতম জনালে হাইলাকান্দি বিজেপিয়ে । কিন্তু উল্লেখযোগ্য কথা হ'ল, যোৱা 13 আগষ্ট তাৰিখে গৌতম ৰয়ৰ বিজেপি গমনৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল হাইলাকান্দি বিজেপিয়ে ৷ একাংশ পুৰণি বিজেপি কৰ্মীয়ে হাইলাকান্দি বিজপি কাৰ্যালয়ত প্ৰবেশ কৰিব নিদিয়াৰ হুংকাৰ দিছিল গৌতম ৰয়ক ৷ কিন্তু আজি দেখা গ'ল সম্পূৰ্ণ বিপৰীত দৃশ্য ৷ স্থানীয় টাউন হলত আয়োজিত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়িৰ প্ৰথম মৃত্যু বাৰ্ষিকি অনুষ্ঠানত অংশ লোৱাৰ পাছতে গৌতম ৰয় উপস্থিত হয়গৈ জিলা বিজেপি কাৰ্যালয়ত ৷ ইপিনে, যোৱা কালি নিজ গৃহ সমষ্টি কাঠলিছেড়াত গৌতম ৰয়ক উষ্ণ আদৰনী জনোৱাৰ লগতে এক বিশাল বাইক ৰেলিৰো আয়োজন কৰে গৌতম ৰয়ৰ সমৰ্থক সকলে ।

হাইলাকান্দি বিজেপিৰ উষ্ম আদৰণি জনালে গৌতম ৰয়ক

ABOUT THE AUTHOR

...view details