হাইলাকান্দি,16 এপ্ৰিলঃ সোমবাৰে আলগাপুৰ বজাৰত কৰিমগঞ্জ সমষ্টিৰ AIUDF প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ এক জনসভাত অংশ লৈছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । সভাৰ সময় নিশা ৯ বজালৈকে নিৰ্ধাৰিত আছিল যদিও সময় পাৰ হোৱাৰ পিচতো সভা চলি থকাত বাধা প্ৰদান কৰিছিল জিলা প্ৰশাসনৰ SST দলে। পিচত স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগত সভা বন্ধ কৰিবলৈ গৈছিল প্ৰশাসনৰ SST দল ।
আজমলৰ সভাত AIUDF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত তীব্ৰ বাক বিতণ্ডা - হাইলাকান্দি
সোমবাৰে নিশা হাইলাকান্দিৰ আলগাপুৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । জিলা প্ৰশাসনে ধাৰ্য কৰা নিৰ্ধাৰিত সময়ৰ পিচতো AIUDFৰ সভা চলি থকা কাৰ্যক লৈ কংগ্ৰেছ আৰু AIUDF সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ

হাইলাকান্দিত আজমলৰ সভাত উত্তেজনা
হাইলাকান্দিত আজমলৰ সভাত উত্তেজনা
কিন্তু SST দল উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বদৰুদ্দিন আজমলক অতিৰিক্ত পাঁচ মিনিট সময় প্ৰদান কৰিলে জিলা প্ৰশাসনে । এই অতিৰিক্ত সময় প্ৰদান কৰাক লৈ AIUDF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ । অৱশেষত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷