অসম

assam

By

Published : Jul 16, 2020, 5:07 PM IST

ETV Bharat / state

চৰকাৰী নিৰ্দেশ অমান্য কৰি চলিছে ব্যক্তিগত বিদ্যালয়

কাঠলিছড়া সমষ্টিৰ জামিৰাৰ গ্ৰীণ স্ক’লাৰ নেশ্যনেল হায়াৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ে লক ডাউনৰ নীতি-নিয়ম ভংগ কৰি চলাই গৈছে পাঠদান । কৰ’ণা ভাইৰাছৰ সংক্ৰমণ স্বত্বেও ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপদাপন্ন কৰি চলি আছে বিদ্যালয়খন ৷

govenment guideline violation in private school open hailakandi assam etv bharat news
চৰকাৰী নিৰ্দেশ অমান্য

হাইলাকান্দি,16 জুলাই: কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছিল কঠোৰ নিৰ্দেশনা ৷ নিৰ্দেশ দিছিল বিদ্যালয়সমূহৰ পাঠদান বন্ধ ৰাখিবলৈ ৷ সেইসূত্ৰে বিগত চাৰিমাহৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো বিদ্যালয় ৷ কিন্তু ৰাজ্যৰ কোনো কোনো অংশত চৰকাৰী নিৰ্দেশনা অমান্য কৰি চলি আছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ হাইলাকান্দিৰ বহু কেইখন বিদ্য়ালয়ে চৰকাৰী নিৰ্দেশ উলংঘা কৰি চলাই গৈছে বিদ্যালয়সমূহ ৷

চৰকাৰী নিৰ্দেশ অমান্য ব্যক্তিগত বিদ্যালয়ৰ

জিলাখনৰ কাঠলিছড়া সমষ্টিৰ জামিৰাৰ গ্ৰীণ স্ক’লাৰ নেশ্যনেল হায়াৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ে লক ডাউনৰ নীতি-নিয়ম ভংগ কৰি চলাই গৈছে পাঠদান । কৰ’ণা ভাইৰাছৰ সংক্ৰমণ স্বত্বেও ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপদাপন্ন কৰি চলি আছে বিদ্যালয়খন ৷ একমাত্ৰ ব্যৱসায়িক লাভালাভৰ স্বাৰ্থত বিগত চাৰি মাহৰ পৰা এই বিদ্যালয়খন চলাই আহিছে কৰ্তৃপক্ষই ৷ অঞ্চলটোৰ স্থানীয় কেইগৰাকীমান সচেতন যুৱকৰ প্ৰচেষ্টাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা ।

ঘটনাটো সম্পৰ্কে অনুসন্ধান কৰিবলৈ বিদ্যালয়খনলৈ যোৱা সাংবাদিকক দেখি পলায়ন কৰে শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে । চৰকাৰী নিৰ্দেশ অমান্য কৰা এই বিদ্যালয়ৰ বিৰুদ্ধে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে হাইলাকান্দি জিলা ছাত্ৰ সন্থাৰ সভাপতি আমজাদ হুছেইন লস্কৰে ।

লগতে চাওকঃলক ডাউনে গতি সলালে জীৱনৰ...

ABOUT THE AUTHOR

...view details