হাইলাকান্দি , ২৯ জুন:বিজেপি নহয়, এতিয়া অগপত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদে। অগপত যোগদানৰ বাবে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ কৰিছে দুই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে। এই কথা সদৰি কৰিলে অসম গণ পৰিষদৰ হাইলাকান্দি জিলা সভাপতিয়ে।
অগপত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদৰ - হাইলাকান্দি
ইতিমধ্যে দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দিক আহমেদে ।
![অগপত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3696421-thumbnail-3x2-bfsdn2.jpg)
কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিচত এতিয়া বিভ্ৰান্ত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদ। কোনটো দলত থাকিব,কেনেকৈ আগবঢ়াব ৰাজনৈতিক জীৱন ইয়াকে লৈ দিশাহাৰা দুই প্ৰাক্তন মন্ত্ৰী। কিন্তু এতিয়া দুয়োগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে জাতীয় দলত যোগদানৰ চেষ্টা চলাই আছে । শনিবাৰে অসম গণ পৰিষদৰ হাইলাকান্দি জিলাৰ নৱ নিযুক্ত সভাপতি আফতাৱ উদ্দিন লস্কৰে হাইলাকান্দিত উপস্থিত হৈ এই কথা ঘোষণা কৰে। আফতাৱ উদ্দিনৰ দাবী অনুসৰি অতি সোনকালে এই দুগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে অগপত যোগদান কৰিব। ইতিমধ্যে দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দিক আহমেদে।