অসম

assam

ETV Bharat / state

সলিল সমাধি ৰোধিবলৈ গংগা পূজা ক’ত ? - DHALESWARI

ধলেশ্বৰী নৈত সহজাত হৈ পৰা সলিল সমাধি ৰোধিবলৈ হাইলাকান্দিৰ ৰাইজে গ্ৰহণ কৰিলে অদ্ভূত পন্থা ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ মাজতেই ধলেশ্বৰী নৈ সন্ত্ৰাসৰ পৰা মুক্তি গংগা পূজা স্থানীয় ৰাইজৰ ৷

ETV BHARAT

By

Published : Jun 13, 2019, 1:07 PM IST

হাইলাকান্দি , 13 এপ্ৰিল: অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ যুগতো প্ৰকৃতিক সন্তুষ্ট কৰাৰ বাবে আয়োজন হৈছে পূজা অৰ্চনাৰ । ধলেশ্বৰী নৈত বছৰ বছৰ ধৰি চলা সলিল সমাধি ৰোধ কৰাৰ উদ্দেশ্যে হাইলাকান্দিত ৰাইজে কৰিছে এক বিশেষ আয়োজন । গঙ্গা দেৱীৰ পূজা আগবঢ়াই তেওঁক সন্তুষ্ট কৰি এই বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে স্থানীয় লোকে ।

GANGA PUJA

স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, হাইলাকান্দি চহৰৰ ধলেশ্বৰী নৈত বিগত 10 বছৰ ধৰি প্ৰতিবছৰে বাৰিষা আহিলেই এজনৰ সলিল সমাধি হয় এই স্থানত । বিগত বছৰো সলিল সমাধি হোৱা ব্যক্তিৰ মৃতদেহ দুই দিনৰ পাচত উদ্ধাৰ কৰিছিল এচ ডি আৰ এফে । এইবছৰো সংঘটিত হৈছে অনুৰূপ দুৰ্ঘটনা । বিগত 24 মে’ত হাইলাকান্দি চহৰৰ 4 নম্বৰ ৱাৰ্ডৰ এইটো স্থানত ধলেশ্বৰী নৈত সলিল সমাধি হৈছিল নিৰ্মল চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তি । কিন্তু 19 দিন পাচতো উদ্ধাৰ ন'হল নিৰ্মল চক্ৰৱৰ্তীৰ মৃতদেহ । বছৰৰ পাচত বছৰ ধৰি চলা এই সলিল সমাধি ৰোধ কৰা আৰু নিৰ্মল চক্ৰৱৰ্তীৰ দেহ উদ্ধাৰৰ উদ্দেশ্যে স্থানীয় ৰাইজে বৃহস্পতিবাৰে আয়োজন কৰে গঙ্গা দেৱীৰ পূজা ।

ABOUT THE AUTHOR

...view details