অসম

assam

ETV Bharat / state

আলগাপুৰ আৰক্ষীয়ে লক্আপত সুমুৱালে শাক-পাচলি, ফল-মূল - হাইলাকান্দি আলগাপুৰ বজাৰ

চৰকাৰী নিৰ্দেশ অমান্য কৰা একাংশ ব্যৱসায়ীৰ ফল-মূল, শাক-পাচলি সকলো জব্দ কৰি সামগ্ৰীসমূহ লকআপত সুমুৱাই ৰাখে আলগাপুৰ আৰক্ষীয়ে । আৰক্ষীৰ এই কাৰ্যই আলগাপুৰত আমোদজনক পৰিৱেশৰ সৃষ্টি কৰিছে যদিও আৰক্ষীৰ এই পদক্ষেপত শিক্ষা লৈছে ব্যৱসায়ীসকলে ৷

Hailakandi
হাইলাকান্দি

By

Published : Jul 14, 2020, 12:49 PM IST

Updated : Jul 15, 2020, 11:24 AM IST

হাইলাকান্দি, 14 জুলাইঃ সমগ্ৰ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যজুৰি বিভিন্ন স্থানত সপ্তাহিক বজাৰ-হাট বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে ৷ কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বিভিন্ন স্থানত একাংশ ব্যৱসায়ীয়ে বজাৰ-সমাৰ চলাই নিয়া পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ হাইলাকান্দি জিলাৰ অন্তৰ্গত আলগাপুৰ সাপ্তাহিক বজাৰতো একাংশ ব্যৱসায়ীয়ে চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ব্যৱসায় চলাই আহিছে ৷

লগতে পঢ়কঃ বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে

সেই একাংশ ব্যৱসায়ীক উচিত শাস্তি দিয়াৰ উদ্দেশ্যে অভিযানত নামে আলগাপুৰ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়া ৷ উল্লেখ্য যে, চৰকাৰী নিৰ্দেশ অমান্য কৰা একাংশ ব্যৱসায়ীৰ ফল-মূল, শাক-পাচলি সকলো জব্দ কৰি সামগ্ৰীসমূহ লকআপত সোমোৱাই ৰাখে আলগাপুৰ আৰক্ষীয়ে । আৰক্ষীৰ এই কাৰ্যই আলগাপুৰত আমোদজনক পৰিৱেশৰ সৃষ্টি কৰিছে যদিও আৰক্ষীৰ এই পদক্ষেপত শিক্ষা লৈছে ব্যৱসায়ীসকলে ৷

ইফালে ব্যৱসায়ীসকলে ভুলতে চৰকাৰী নিৰ্দেশ অমান্য কৰিছে যদিও এনে কাণ্ডৰ পুনৰাবৃত্তি নকৰিবলৈ আৰক্ষীয়ে এইবেলি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অৱগত কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

Last Updated : Jul 15, 2020, 11:24 AM IST

ABOUT THE AUTHOR

...view details