অসম

assam

ETV Bharat / state

খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ AIUDFৰ হাইলাকান্দিৰ জিলা সভাপতিৰ বিৰুদ্ধে - হাইলাকান্দি

খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন AIUDF দলৰ হাইলাকান্দি জিলাৰ সভাপতি আফজল হুচেইন লস্কৰৰ বিৰুদ্ধে৷আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ বিষয়ৰ ওপৰত তদন্তৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে বন্ধ হয় প্ৰতিবাদ৷

Food Corruption by AIUDF district president at hailakandi
খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ AIUDFৰ হাইলাকান্দিৰ জিলা সভাপতিৰ বিৰুদ্ধে

By

Published : May 15, 2020, 6:06 PM IST

Updated : May 17, 2020, 12:48 PM IST

হাইলাকান্দি,15 মে'ঃ ৰমজান মাহ উপলক্ষে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা দুখীয়া ৰাইজৰ বাবে দিয়া খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে AIUDF দলৰ হাইলাকান্দিৰ জিলা সভাপতি আফজল হুচেইন লস্কৰৰ বিৰুদ্ধে৷আজি হাইলাকান্দি নগৰৰ 1 নং ৱাৰ্ডত থকা জিলা সভাপতি গৰাকীৰ বাসগৃহ ঘেৰাও কৰি সভাপতিগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে ৷ ৰাইজৰ অভিযোগ, সভাপতিগৰাকীয়ে খাদ্য-সামগ্ৰীসমূহ ৰাইজক বিতৰণ নকৰি নিজ বাসগৃহত লুকুৱাই ৰাখিছে৷ইপিনে প্ৰতিবাদস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ বিষয়ৰ ওপৰত তদন্তৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে বন্ধ হয় প্ৰতিবাদ৷ আনহাতে সভাপতিগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চাউল আৰু খেজুৰ উদ্ধাৰ কৰে যদিও সভাপতি আফজল হুচেইন লস্কৰে খাদ্য সামগ্ৰীসমূহ ৰাইজক বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ AIUDFৰ হাইলাকান্দিৰ জিলা সভাপতিৰ বিৰুদ্ধে
Last Updated : May 17, 2020, 12:48 PM IST

ABOUT THE AUTHOR

...view details