অসম

assam

ETV Bharat / state

হাইলাকান্দিত মাছ ভৰ্তি ট্ৰাক জব্দ - হাইলাকান্দি

হাইলাকান্দি জিলাৰ লক্ষীচহৰ এলেকাত স্থানীয় ৰাইজৰ তৎপৰাতাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাক ভৰ্তি চালানি মাছ। ইতিমধ্যে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু মীন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ETV BHARAT
হাইলাকান্দিত মাছ ভৰ্তি ট্ৰাক জব্দ

By

Published : May 28, 2020, 4:04 PM IST

হাইলাকান্দি, 28 মেঃ হাইলাকান্দিত মাছ ভৰ্তি ট্ৰাক জব্দ হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰে মাছ ভৰ্তি ট্ৰাক খন ৷

হাইলাকান্দিত মাছ ভৰ্তি ট্ৰাক জব্দ

বৃহস্পতিবাৰ বিয়লি হাইলাকান্দি জিলাৰ লক্ষীচহৰ এলেকাত স্থানীয় ৰাইজৰ তৎপৰাতাত আৰক্ষীয়ে জব্দ কৰে চালানি মাছ ভৰ্তি ট্ৰাক । উক্ত ট্ৰাক খনৰ পৰা সৰু মালবাহী বাহনত মাছ নমাই থকা প্ৰত্যক্ষ কৰে ৰাইজে ৷ উক্ত ঘটনাটো ৰাইজে খবৰ দিয়ে জিলা প্ৰশাসন আৰু মীন বিভাগক। লগে লগে ঘটনাস্থলীত বিভাগীয় বিষয়া সকলৰ লগতে উপস্থিত হয় আৰক্ষী প্ৰশাসন ৷ উল্লেখ্য যে, চালক জনৰ হাতত থকা চালান খনৰ মতে 21 তাৰিখে অন্ধ্ৰপ্ৰেদশৰ পৰা অহা মাছৰ ট্ৰাক খন যাব লাগিছিল ত্ৰিপুৰা ৰাজ্যলৈ। কিন্তু অধিক মুনাফা অৰ্জনৰ বাবে হাইলাকান্দিত অবৈধভাৱে আনলোড কৰাই মাছ ব্যৱসায়ীক ৷ ইতিমধ্যে যিখিনি মাছ আনলোদ কৰিছিল সেইখিনি মাছ পৰীক্ষা কৰি প্ৰশাসনে বিক্ৰীৰ বাবে বন্ধ কৰি দিয়ে ৷ আনহাতে যিখিনি মাছ ত্ৰিপুৰালৈ নিব সেইখিনি মাছ ত্ৰিপুৰা প্ৰশাসনক পৰীক্ষা কৰি চাবলৈ ইতিমধ্যে হাইলাকান্দিৰ প্ৰশাসনে জনোৱা বুলি মীন বিষয়াই সদৰি কৰিছে ৷ ট্ৰাক খনত সৰ্বমুঠ ২০৩ কাৰ্টন মাছ আছিল ৷

আনহাতে, অন্ধ্রপ্রদেশৰ পৰা অহা ড্রাইভাৰ দুই জনক কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰা বুলি জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে ৰাইজে । জিলা প্ৰশাসনৰ এনে কামৰ ফলতে হাইলাকান্দিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক- গোলাঘাটত উপস্থিত 300ৰো অধিক বহিঃৰাজ্যৰ যাত্ৰী

ABOUT THE AUTHOR

...view details