অসম

assam

ETV Bharat / state

বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে বজৰং দলৰ গোচৰ

বজৰং দলৰ সদস্যক ভাবুকি প্ৰদান কৰাৰ অভিযোগ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে৷ হাইলাকান্দি সদৰ থানাত গোচৰ বজৰং দলৰ৷ নিৰ্বাচনৰ সময়ত দুটা ফৈদৰ মাজত সৃষ্টি হোৱা কাজিয়াক কেন্দ্ৰ কৰি অভিযোগ - প্ৰতি অভিযোগ বিধায়ক আনোৱাৰ আৰু বজৰং দলৰ সদস্যৰ

By

Published : Apr 22, 2019, 5:10 PM IST

বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গোচৰ বজৰং দলৰ

হাইলাকান্দি, 22 এপ্ৰিলঃ হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গোচৰ ৰুজু বজৰং দলৰ হাইলাকান্দি জিলা সমিতিৰ৷ বিধায়কগৰাকীৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ বজৰং দলৰ সদস্যৰ৷ যোৱা 18 এপ্ৰিলত হাইলাকান্দি জিলাত নিৰ্বাচন চলি থক‍া সময়ত হাইলাকান্দিৰ লক্ষ্মীচহৰ নিম্ন বুনিয়াদী বিদ্যালয়ত দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ।

বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গোচৰ বজৰং দলৰ

কাজিয়াৰ পাচত ঘটনাস্থলীত বিধায়কগৰাকী উপস্থিত হৈ বজৰং দলক জগৰীয়া কৰাৰ লগতে বজৰং দলৰ সদস্যসকলক ভাবুকিও প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনাৰ পাচত বজৰং দলৰ সদস্যসকলে বিধায়ক আনোৱাৰ হুছেইনক অভিযুক্ত কৰি হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰুজু কৰে।

ABOUT THE AUTHOR

...view details