হাইলাকান্দিত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক - আৰক্ষী
হাইলাকান্দিত গ্ৰেপ্তাৰ হ'ল ভুৱা চিকিৎসক। চিকিৎসকজনৰ নাম সমিত দাস। দাসৰ পৰা জব্দ হ'ল ম্যাদ উকলি যোৱা বহু ঔষধ ।
হাইলাকান্দি, 5 আগষ্ট: হাইলাকান্দি চহৰৰ ৬ নম্বৰ ৱাৰ্ডত সোমবাৰে আয়োজন কৰা হৈছিল এখন বিনামূলীয়া চিকিৎসা শিবিৰ ৷ কলকাতাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ CSRৰ পৰা আয়োজন কৰা হয় এই বিনামূলীয়া শিবিৰটো ৷ এই শিবিৰতে চিকিৎসা কৰিবলৈ আহিছিল সমিত দাস নামৰ এগৰাকী চিকিৎসক। কিন্তু চিকিৎসক গৰাকীৰ লগত নাছিল তেওঁৰ নাম আৰু ডিগ্ৰি উল্লেখ থকা কোন প্ৰিন্ট কৰা প্ৰেছক্ৰিপশ্যন ৷ বগা কাগজত ৰোগীৰ নামৰ বিপৰীতে কেইটামান ঔষধৰ নাম লিখি চিকিৎসক গৰাকীয়ে ৰোগীক প্ৰদান কৰিছিলে ঔষধ ৷ চিকিৎসক সমিত দাসৰ এনে কৰ্মকাণ্ডত সন্দেহ হয় স্থানীয় লোকৰ ৷ কিয়নো চিকিৎসক সমিত দাসে ৰোগীক দিছিল ম্যাদ উকলি যোৱা ঔষধ ৷ স্থানীয় ৰাইজে চিকিৎসক গৰাকীক এই বিষয়ত প্ৰশ্ন কৰিছে যদিও কোনো উত্তৰ নিদিলে চিকিৎসক গৰাকীয়ে ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰি লৈ যায় ৷