হাইলাকান্দি, 4 জুনঃমথাউৰি নিৰ্মাণৰ নামত কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ জলসম্পদ বিভাগৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, হাইলাকান্দি জিলাৰ অন্তৰ্গত কাঠলিছড়া সমষ্টিৰ ৰুপাচড়া ঘাটৰ মথাউৰিটো নিৰ্মাণৰ নামত চৰকাৰে ১ কোটি ১০ লাখ টকা আবন্তন দিছিল ৷ প্ৰায় দুই তিনিমাহ পূৰ্বে জলসম্পদ বিভাগে মথাউৰিটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে ৷ কিন্তু বিগত কিছু দিনৰ নেৰানেপেৰা বৰষুণৰ ফলত মথাউৰিটো বিধ্বস্ত হোৱাত ঠিকাদাৰ জামাল উদ্দিন আহমেদৰ ওপৰত খৰ্গহস্ত হৈ পৰে স্থানীয় লোক ৷ জামাল উদ্দিন আহমেদৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷
মথাউৰি নিৰ্মাণৰ নামত কোটি টকা আত্মসাতৰ অভিযোগ - মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ বিৰুদ্ধে কোটি টকা আত্মসাতৰ অভিযোগ
হাইলাকান্দি জিলাৰ অন্তৰ্গত কাঠলিছড়া সমষ্টিৰ ৰুপাচড়া ঘাটৰ মথাউৰিটো নিৰ্মাণৰ নামত চৰকাৰে ১ কোটি ১০ লাখ টকা আৱৰ্তন দিছিল ৷ প্ৰায় দুই তিনিমাহ পূৰ্বে জলসম্পদ বিভাগে মথাউৰিটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে যদিও বৰষুণৰ ফলত মথাউৰিটো বিধ্বস্ত হৈ পৰিছে ৷
![মথাউৰি নিৰ্মাণৰ নামত কোটি টকা আত্মসাতৰ অভিযোগ EMBANKMENT CONSTRUCTION CORRUPTION AT HAILAKANDI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7469862-thumbnail-3x2-p.jpg)
মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ বিৰুদ্ধে কোটি টকা আত্মসাতৰ অভিযোগ
মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ বিৰুদ্ধে কোটি টকা আত্মসাতৰ অভিযোগ
ৰাইজৰ অভিযোগ অনুসৰি, স্থানীয় বিধায়কৰ এটা প্ৰতিনিধি দলৰ লগতে কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ প্ৰতিনিধি কৌলান গোস্বামী উক্ত স্থানত উপস্থিত হৈ সকলো তদাৰক কৰাৰ লগতে শীঘ্ৰে এই অনিয়ম সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ।