অসম

assam

ETV Bharat / state

হাইলাকান্দিত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে প্ৰচাৰ সভা ৷ সোমবাৰে হাইলাকান্দি সমষ্টিতো অনুষ্ঠিত হৈ যায় এআইইউডিএফৰ এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ নতুনকৈ দলটোত যোগদান কৰা জাকিৰ হুছেইন লস্কৰে আয়োজন কৰা সভাখনত অংশগ্ৰহণ কৰে প্ৰায় সহস্ৰাধিক লোকে ৷

By

Published : Nov 2, 2020, 5:30 PM IST

Election campaign meeting in hailakandi assam etv bharat news
নিৰ্বাচনী প্ৰচাৰ সভা

হাইলাকান্দি,2 নৱেম্বৰ :নিৰ্বাচনলৈ আৰু মাজত মাথোঁঁ কেইটামান মাহ বাকী ৷ এনে অৱস্থাত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিৰ কাৰ্য সম্পূৰ্ণ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে ৷ সমান্তৰালভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা ৷ সোমবাৰে হাইলাকান্দি সমষ্টিতো অনুষ্ঠিত হৈ যায় এআইইউডিএফৰ এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ নতুনকৈ দলটোত যোগদান কৰা জাকিৰ হুছেইন লস্কৰে আয়োজন কৰা সভাখনত অংশগ্ৰহণ কৰে প্ৰায় সহস্ৰাধিক লোকে ৷ 2021 ৰ নিৰ্বাচনক উদ্দেশ্যি আয়োজিত সভাখনত ইতিমধ্যে দলটোৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ মন বান্ধিছে লস্কৰে ৷

উল্লেখ্য যে,পূৰ্বে জাকিৰ হুছেইন লস্কৰে মাটিজুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ৷ 2016 ৰ অসম বিধানসভাৰ নিৰ্বাচনত লস্কৰে কংগ্ৰেছৰ পৰা টিকট দাবী কৰিছিল যদিও টিকট লাভ নকৰি নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত অংশগ্ৰহণ কৰে ৷ ইফালে পৰৱৰ্তী নিৰ্বাচনৰ বাবে এআইইউডিএফৰ হৈ টিকটৰ প্ৰবল দাবীদাৰ হিচাপে বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ নাম চৰ্চিত হৈ আহিছে যদিও সময়ত কোনে দলীয় টিকট লাভ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃউচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

ABOUT THE AUTHOR

...view details