হাইলাকান্দি, 21 জুনঃ শনিবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ হে'ৰইন জব্দ কৰে । অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু হাইলাকান্দি সদৰ থানাৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ ভিত্তিত হাইলাকান্দি নাৰাইনপুৰ অঞ্চলৰ আলি আহমেদ লস্কৰৰ ঘৰত অভিযান চলায় ।
হাইলাকান্দিত ড্ৰাগছসহ আটক এজন - ড্ৰাগছ
কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে লস্কৰৰ ঘৰৰ পৰা 1.20 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷
হাইলাকান্দিত ড্ৰাগছসহ আটক এজন
কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে লস্কৰৰ ঘৰৰ পৰা 1.20 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে আলি উদ্দিন লস্কৰকে গ্ৰেপ্তাৰ কৰিছে ৷ দেওবাৰে আলি উদ্দিনক হাজিৰ কৰা হ'ব ন্যায়ালয়ত ৷ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকায়ে আলি উদ্দিন লস্কৰক আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে এই ঘটনাৰ লগত অধিক লোক জড়িত থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে হাইলাকান্দি আৰক্ষীয়ে ৷
লগতে পঢ়ক: ডিব্ৰুগড় চেঁচা তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ জনতাৰ