হাইলাকান্দিত জাপানীজ এনকেফেলাইটিছৰ আতংক - এন ইৰমবাচা সিংহ
ৰাজ্যখনৰ অন্যান্য জিলাৰ পিছত এইবাৰ হাইলাকান্দি জিলাত এন ইৰমবাচা সিংহ নামৰ এগৰাকী শিক্ষকৰ অচিন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় ৷
হাইলাকান্দি, 9 জুলাইঃ ক্ৰমে সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ ৰাজ্যখনৰ অন্যান্য জিলাৰ পিছত এইবাৰ হাইলাকান্দি জিলাত এন ইৰমবাচা সিংহ নামৰ এগৰাকী শিক্ষকৰ অচিন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় ৷ উল্লেখযোগ্য যে, যোৱা 2 জুলাইত ব্যক্তি গৰাকীয়ে অত্যাধিক জ্বৰত আক্ৰান্ত হৈছিল আৰু প্ৰথমতে হাইলাকান্দি অসামৰিক হাস্পতালত আৰু পিছত শিলচৰৰ এখন বেচৰকাৰী নাৰ্চিং হোমত ভৰ্তি হৈছিল ৷ চিকিৎসকে জাপানীজ এনকেফেলাইাটিছ হোৱাৰ আশংকা প্ৰকাশ কৰি ৰক্ত পৰীক্ষাৰ নিৰ্দেশ দিছিল যদিও পৰীক্ষা কৰোৱাৰ আগতেই 7 জুলাই তাৰিখে ব্যক্তিজনৰ মৃত্যু হয় ৷ এই অচিন জ্বৰত শিক্ষকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ হাইলাকান্দিতে চাঞ্চল্য বিৰাজ কৰিছে ।