ডিমা হাছাও ১৯ জুনঃ স্বাধীনতাৰ পূৰ্বৰে পৰা ভাৰতীয় সমাজত ব্যাধিৰ দৰে বিয়পি থকা শিশু শ্ৰমৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত হয় হাফলংত ৷ হাফলং চাৰ্কিট হাউচত মঙলবাৰে ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ সহযোগত এইখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷
শিশু শ্ৰম ৰোধৰ কাৰণে শিশু শ্ৰম আইন ১৯৮৬ -ৰ অধীনত কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় এই দিশত গুৰুত্ত্ব সহকাৰে আলোচনা কৰা হয় উক্ত সভাত । সভাত উপস্থিত আছিল ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোয়া, মুখ্য বিচাৰ বিভাগীয় ম্যাজিষ্ট্ৰেট বংকিম শৰ্মা, জিলা দায়ৰা জজ ও অভিজিত ভট্টাচাৰ্য আৰক্ষী অধীক্ষক শ্ৰীজিত থিৰভিয়াম আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকল ৷