হাইলাকান্দি, ৪ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰচাৰক লৈ ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে কৰ্মস্পৃহাও । বিগত পাঁচ বছৰে চকু মুদা কুলিৰ ভাও লোৱা মন্ত্ৰী বিধায়কৰো নিৰ্বাচনৰ প্ৰাকক্ষণত মনত পৰিছে সমষ্টি তথা বিভাগৰ প্ৰতি থকা দায়িত্বৰ ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ হুংকাৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ
হাইলাকান্দি জলসম্পদ বিভাগত কমিছনৰাজ। কমিছন নিদিলে দিয়া নহয় অনুজ্ঞাপত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জলসম্পদ বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ ।
বৃহস্পতিবাৰে হাইলাকান্দিৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰ । বিধায়কগৰাকীয়ে জলসম্পদ বিভাগটোৰ কৰ্মসংস্কৃতিৰনমুনাপৰ্যবেক্ষণ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । যোৱা বছৰৰ বানে হাইলাকান্দি জিলাৰ কাটাখাল আৰু ধলেশ্বৰী নৈৰ মুঠ ১৩ টা মাথাউৰি ছিঙিছিল । বৰ্তমান বাৰিষা সমাগত কিন্তু এতিয়ালৈ আৰম্ভ নহ'ল মাথাউৰি নিৰ্মাণৰ কাম ।
জানুৱাৰী মাহতেই মাথাউৰিকেইটা পুনৰ নিৰ্মাণৰ বাবে টেণ্ডাৰ কৰা হৈছিল । কিন্তু বৰ্তমানলৈ অনুজ্ঞাপত্ৰ নোপোৱাত কাম আৰম্ভ কৰিব পৰা নাই ঠিকাদাৰে । বিধায়ক লস্কৰৰ অভিযোগ বিভাগীয় কাৰ্যবাহী অভিযন্তা সুধেন্দু দাসক কমিছন নিদিয়াৰ বাবেই ঠিকাদাৰক অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই । বিধায়কগৰাকীয়ে শীঘ্ৰে সুধেন্দু দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ।