অসম

assam

ETV Bharat / state

ৰাজপথত আন্দোলন কৰি বিপদত বিদ্যালয় কৰ্তৃপক্ষ - Hailakandi District Administration

স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আন্দোলনত বহুৱাই বিপদত হাইলাকান্দিৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষ। কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু  জিলা শিশু সুৰক্ষা সমিতিৰ

ৰাজপথত আন্দোলন কৰি বিপদত বিদ্যালয় কৰ্তৃপক্ষ

By

Published : Jul 11, 2019, 11:39 PM IST

হাইলাকান্দি,11 জুলাইঃ পুখুৰী সদৃশ জৰাজীৰ্ণ 154নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাবীত ৰাজপথত আন্দোলনত নামি চৰম বিমোৰত পৰিল হাইলাকান্দিৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ বেহাল 154 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ মেৰামতিৰ দাবীত সচেতন ৰাইজে বাৰম্বাৰ দাবী তথা অভিযোগ কৰি থকাৰ সত্বেও বিভাগীয় কৰ্তৃপক্ষই কোনো বিশেষ সহাৰি নেদেখুৱাত স্থানীয় ব্লু ফ্লাওৱাৰ্ছ নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এই প্ৰতিবাদে বিভাগীয় কৰ্তৃপক্ষৰ ধ্যান আকৰ্ষণ কৰাৰ পৰিৱৰ্তে বিদ্যালয়খনে জিলা প্ৰশাসনৰ পৰা লাভ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ৷ ইপিনে জিলা শিশু সুৰক্ষা সমিতিয়েও বিদ্যালয় কৰ্তপক্ষৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ৷ এই গোচৰক কেন্দ্ৰ কৰি ক্ষোভৰ সৃষ্টি হৈছে জিলাখনত ৷ স্থানীয় দল-সংগঠনে প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিশোধমূলক মানসিকতাৰ সলনি সমস্যা সমাধানত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে।

ৰাজপথত আন্দোলন কৰি বিপদত বিদ্যালয় কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details