হাইলাকান্দি,30 জুলাই: হাইলাকান্দিত প্ৰসৱজনিত কাৰণত মৃত্যুক সাৱটি লৈছে এগৰাকী মহিলাই ৷ কিন্তু মহিলাগৰাকীৰ মৃত্যুয়ে আতংক সৃষ্টি কৰিছে জিলাখনত ৷ কিয়নো মৃত্যুৰ পিছতহে মহিলাগৰাকীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ মৃত মহিলাগৰাকীৰ স্বামী ৰূপক আচাৰ্যই জানিবলৈ দিয়া অনুসৰি, জিলাখনৰ লক্ষীচহৰ এলেকাৰ বাসিন্দা 32 বছৰীয়া সীমা আচাৰ্যই বিগত 20 জুলাইত জন্ম দিয়ে এটি পুত্ৰ সন্তান ৷ শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সন্তান জন্ম দিয়া মহিলাগৰাকীয়ে প্ৰসৱৰ কিছুসময় পিছতে উশাহ-নিশাহত কষ্ট পোৱাত ততালিকে ভৰ্তি কৰোৱা হয় শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু বিগত 28 জুলাইত মৃত্যুক সাৱটি লয় সীমা নামৰ মহিলাগৰাকীয়ে ৷ ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ অন্যান্য যাৱতীয় পৰীক্ষাৰ লগতে স্বাৱৰ নমুনা সংগ্ৰহ কৰিছিল ৷ বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত মহিলাগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷
হাইলাকান্দিত মৃত মহিলাৰ দেহত কৰ’ণা ভাইৰাছ - Silchar Medical College and Hospital
হাইলাকান্দিত প্ৰসৱজনিত কাৰণত মৃত্যু ঘটা সীমা আচাৰ্য নামৰ এগৰাকী মহিলাৰ দেহত মৃত্যুৰ পিছত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত মহিলাগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷
মৃত মহিলাৰ দেহত কৰ’ণা ভাইৰাছ
ইয়াৰ পিছতে চৰকাৰী নিৰ্দেশনা অনুসৰি শান্তিবন শ্মশানত মহিলাগৰাকীৰ শেষকৃত্য সমাপন কৰা হয় ৷ তদুপৰি এসপ্তাহ পূৰ্বে জন্ম লাভ কৰা শিশুটিৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে আৰু সম্প্ৰতি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে শিশুটি ৷ আনহাতে, কৰ’ণাত আক্ৰান্ত হ’লেও মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ কৰ’ণা ভাইৰাছ নহয় বুলি সদৰি কৰিছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ৰণদ্বীপ কুমাৰ দামে ৷