হাইলাকান্দি, 11 ছেপ্তেম্বৰ: হাইলকান্দি জিলাৰ ঘাৰমুড়া জিলা পৰিষদৰ অন্তৰ্গত সুলাতানি পালইছড়া গাঁও পঞ্চায়ত উত্থাপতি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ । ৰাইজৰ অভিযোগ যে,বহু দিনৰ পৰা তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰি আহিছে যদিও আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস ।
ফলত অভিযোগ উঠিছে যি সকল লোকে টকা দিয়ে সেই সকলে ঘৰ পায় কিন্তু যি সকলে টকা নিদিবলৈ সমৰ্থ নহয় তেওঁলোক ঘৰ লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । আনকি ঘৰৰ ফটো আৰু Geo Tagging কৰাৰ পাচত 500-1000 টকাকৈ দাবী কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷